অসম

assam

ETV Bharat / state

দুবছৰৰ পিছত পুনৰ মুকলি উত্তৰ-পূৱ কয়লাক্ষেত্ৰ - টিকক কলিয়াৰী কয়লাক্ষেত্ৰ মুকলি

মাৰ্ঘেৰিটাবাসীৰ বাবে সুখবৰ ৷ প্ৰায় দুবছৰৰ পিছত পুনৰ মুকলি উত্তৰ-পূৱ কয়লাক্ষেত্ৰ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কয়লাক্ষেত্ৰখন মুকলি (North East coal field reopened after two years) কৰে কেন্দ্ৰীয় কয়লা তথা খনি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৷

North East coal field reopened after two years in Margherita
উত্তৰ-পূৱ কয়লাক্ষেত্ৰ পুনৰ মুকলি

By

Published : Mar 27, 2022, 12:56 PM IST

তিনিচুকীয়া, 27 মাৰ্চ: বিগত প্ৰায় দুবছৰ ধৰি বন্ধ হৈ আছিল মাৰ্ঘেৰিটাস্থিত উত্তৰ-পূৱ কয়লাক্ষেত্ৰ (Coal field in Margherita) ৷ মূলতঃ কয়লাক্ষেত্ৰখনত দেখা দিয়া আৰ্থিক সমস্যাৰ বাবে ইয়াক বন্ধ কৰি ৰাখিবলগীয়া হৈছিল ৷ তাৰ ওপৰতে আকৌ ভূতৰ ওপৰত দানহ পৰা দি দ্ৰুত সংক্ৰমণ ঘটিছিল কৰ’ণা ভাইৰাছৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত স্তব্ধ হৈ পৰিছিল বিশ্বৰ উদ্যোগক্ষেত্ৰ ৷

বৃহত্তৰ মাৰ্ঘেৰিটাৰ অৰ্থনীতিৰ ভেটি স্বৰূপ কয়লা উদ্যোগটো দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকাত স্বাভাৱিকতে তীব্ৰ আৰ্থিক সংকটে দেখা দিছিল ৷ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কয়লা উদ্যোগটোত জড়িত হৈ থকা স্থায়ী-অস্থায়ী কৰ্মচাৰীসকলৰ জীৱনলৈও নামি আহিছিল ঘোৰ দুৰ্যোগ ৷ যাৰ বাবে প্ৰতিষ্ঠানটোত জড়িত হৈ থকা শ্ৰমিক সংগঠনসমূহে কয়লা উদ্যোগটো পুনৰ মুকলিৰ দাবীৰে দীৰ্ঘদিনে অব্যাহত ৰাখিছিল তীব্ৰ প্ৰতিবাদ ৷

অৱশেষত বন্ধ হৈ থকা উত্তৰ-পূৱ কয়লাক্ষেত্ৰৰ অন্তৰ্গত টিকক কলিয়াৰী কয়লাক্ষেত্ৰ মুকলি কৰা হয় (North East coal field reopened after two years) শনিবাৰে ৷

উত্তৰ-পূৱ কয়লাক্ষেত্ৰ পুনৰ মুকলি

এই মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় কয়লা তথা খনি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশী, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় খাদ্য সংসাধন, উদ্যোগ মন্ত্ৰী তথা সাংসদ ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বৰা আৰু মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাকে ধৰি বিজেপিৰ বহু নেতা-কৰ্মী ৷ ২০২০ চনৰ ৩ জুনৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ থকা কয়লা ক্ষেত্ৰখন পুনৰ মুকলি হোৱাত উৎফুল্লিত হৈ পৰিছে মাৰ্ঘেৰিটাবাসী ৷

লগতে চাওক:ডাবল ইঞ্জিন চৰকাৰে নিচাত ডুবাইছে ত্ৰিপুৰাক : সুবল ভৌমিক

ABOUT THE AUTHOR

...view details