অসম

assam

ETV Bharat / state

ম্যানমাৰৰ আলফা শিবিৰত চাৰি কেডাৰৰ মৃত্যুক লৈ পুনৰ চাঞ্চল্য - তিনিচুকীয়া জিলাৰ পেঙেৰী থানা

পুনৰ আলফা(স্বা)ৰ ম্যানমাৰৰ শিবিৰৰ পৰা নোহোৱা হ'ল তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত তৰাণি গাঁৱৰ চাৰিগৰাকী যুৱক (Four youth missing from ULFA I camp) ৷ সমগ্ৰ তিনিচুকীয়া জিলাখনতেই এই খবৰে সৃষ্টি কৰিছে চাঞ্চল্য ৷

no-information-about-four-ulfa-cadres-in-myanmar-camp
ম্যানমাৰৰ আলফা শিবিৰত চাৰি কেডাৰৰ মৃত্যুক লৈ পুনৰ চাঞ্চল্য

By

Published : May 19, 2022, 7:01 PM IST

Updated : May 19, 2022, 9:48 PM IST

তিনিচুকীয়া, 19 মে': স্বাধীন অসমৰ সপোন লৈ ২০১১ চনত তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত তৰাণি গাঁৱৰ চাৰিগৰাকী যুৱকে যোগদান কৰিছিল আলফা(স্বা) ত । চাৰিগৰাকী যুৱকে আলফা(স্বা)ৰ ম্যানমাৰ শিবিৰত উপস্থিত হোৱাৰ পিছত ফোন যোগে পৰিয়ালক জানিব দিছিল আলফা(স্বা)ত যোগদান কৰা কথা । কিছুদিনৰ পূৰ্বে আলফাৰ ম্যানমাৰস্থিত শিবিৰত বিজু গগৈৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ তিনিচুকীয়া জিলাখনতেই চাঞ্চল্য সৃষ্টি কৰিছিল ৷

ম্যানমাৰৰ আলফা শিবিৰত চাৰি কেডাৰৰ মৃত্যুক লৈ পুনৰ চাঞ্চল্য

'কা' আন্দোলনৰ সময়ত আলফাত যোগদান কৰিছিল আছু নেতা বিজু গগৈয়ে ৷ এতিয়া পুনৰ একেটা অঞ্চলৰ পৰা আলফা(স্বা)ত যোগদান কৰা চাৰিজন কেডাৰৰ মৃত্যু হোৱা বুলি খবৰ ওলোৱাৰ বাবে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । পৰিয়ালৰ লোকে আলফা(স্বা) ৰ পৰা ঘূৰি আহি আত্মসমৰ্পন কৰা কেইবাগৰাকী কেডাৰৰ লগতে বিভিন্ন উৎসৰ পৰা মৃত্যুৰ খবৰ পাই আহিছে যদিও এতিয়াও নিশ্চিত হব পৰা নাই ।

আলফা শিবিৰত মুত্যু হোৱা বুলি খবৰ আহি পৰা পেঙেৰী থানাৰ অন্তৰ্গত তৰাণী গাঁ‌ৱৰ সৰুকয় দহোটীয়া ওৰফে মন অসম,গম্ভীৰ মৰাণ ওৰফে আনন্দ অসম, সৰুকণ মৰাণ ওৰফে অৰূপ অসম আৰু ৰত্নেশ্বৰ দহোটীয়া ওৰফে ভাইজান অসম বুলি জানিব পৰা গৈছে ।

আলফা(স্বা)ৰ পৰা আহি আত্মসমৰ্পন কৰা একাংশ সদস্যই পৰিয়ালৰ লোকক জানিবলৈ দিয়া মতে কেইবাবছৰ আগতেই এই চাৰিজনৰ ভিতৰত তিনিজনক ম্যানমাৰ শিবিৰৰ (Myanmar ULFA I camp) পৰা পলাবলৈ চেষ্টা কৰা কাৰণে মৃত্যুদণ্ড দিয়াৰ লগতে এজন সদস্য জণ্ডিছ ৰোগত আক্ৰান্ত হৈছিল । যদি মৃত্যুদণ্ড দিয়া হৈছে তেন্তে সেই খবৰটোও নিশ্চিত কৰিবলৈ আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক (ULFA Chief Paresh Baruah) পৰিয়ালে আহ্বান জনাইছে ৷

লগতে পঢ়ক:ভৰিত বোকা লাগিব: সাংবাদিকৰ পিঠিত উঠি বন্যাৰ্তৰ খবৰ ল’লে বিধায়ক শিবু মিশ্ৰই

Last Updated : May 19, 2022, 9:48 PM IST

ABOUT THE AUTHOR

...view details