অসম

assam

By

Published : Mar 1, 2021, 1:26 PM IST

ETV Bharat / state

যুগ্ম জীৱনৰ পাতনি মেলিলে নীল আকাশে

তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ জীয়ৰী নেন্সী ফুকনৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে কণ্ঠশিল্পী নীল আকাশে । দুয়োৰে মাজত থকা পাঁচ বছৰীয়া প্ৰেমৰ সম্পৰ্কক পূৰ্ণতাৰ স্বীকৃতি দি দেওবাৰে বিবাহপাশত আৱদ্ধ হয় নীল-নেন্সী ।

কন্ঠশিল্পী নীল আকাশৰ বিবাহ
কন্ঠশিল্পী নীল আকাশৰ বিবাহ

মাৰ্ঘেৰিটা,১ মাৰ্চ: জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ বিয়া ৷ তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ জীয়ৰী নেন্সী ফুকনৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে নীল আকাশে ৷ দুয়োৰে মাজত থকা পাঁচ বছৰীয়া প্ৰেমৰ সম্পৰ্কই পূৰ্ণতা লাভ কৰিলে দেওবাৰে । টাই আহোমৰ চকলং পদ্ধতিৰে সম্পন্ন হ'ল বিবাহ কাৰ্য । দৰাৰ সখী হৈ আহিল আচুৰ্য বৰপাত্ৰ গোঁহাই ।

যুগ্ম জীৱনৰ পাতনি মেলিলে নীল আকাশে

নীল আকাশৰ বিবাহে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে । নীলৰ পত্নী নেন্সী ফুকন পেছাত এগৰাকী অধিবক্তা । দুয়োৰে মাজত থকা প্ৰেমৰ সম্পৰ্কৰ কথা ছ’চিয়েল মিডিয়াযোগে ইতিমধ্যে প্ৰকাশ পাইছিল । পাঁচ বছৰীয়া প্ৰেমৰ অন্তত এতিয়া জীৱনৰ দ্বিতীয় ইনিংছৰ আৰম্ভণি কৰিলে নীল-নেন্সীয়ে ৷

লগতে পঢ়ক: পুৰণিগুদামত পথ দুৰ্ঘটনাত আহত পাঁচ

ABOUT THE AUTHOR

...view details