তিনিচুকীয়া, 19 জুলাই: সমগ্ৰ দেশৰ লগতে ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতিৰ মাজতে তিনিচুকীয়া জিলাৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন Warriors ৰ প্ৰশংসনীয় পদক্ষেপ ৷ বিগত তিনিটা বছৰে গৃহহাৰা হৈ থকা এগৰাকী 70 ঊৰ্ধৰ বৃদ্ধাক সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে আত্মীয়-কুটুমক গতাই দিলে সংস্থাটোৱে ৷ জীৱনৰ বিয়লি বেলাত বৃদ্ধাগৰাকীক এক স্থায়ী আশ্ৰয়স্থল প্ৰদান কৰিবলৈ সংস্থাটোৱে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈছে সচেতন ৰাইজে ৷ লগতে সংস্থাটোক অনাগত দিনতো সমাজখনৰ হিতৰ বাবে কাম কৰি যাবলৈ শুভেচ্ছা প্ৰদান কৰিছে একাংশ সচেতন লোকে ৷
উল্লেখ্য যে, বিগত প্ৰায় 3 বছৰ ধৰি ডিগবৈ কালিবাৰীত অৱস্থিত এটি পৰিত্যক্ত আৱাসগৃহৰ এখন বাৰাণ্ডাতে দুৰ্বিসহ দিন পাৰ কৰি আহিছিল তিনিচুকীয়া জিলাৰ ডিগবৈৰ ৰীতা দেৱী নামৰ বৃদ্ধাগৰাকী ৷ বৃদ্ধাগৰাকীক সহায় কৰিবৰ বাবে আগবাঢ়ি অহা নাছিল কোনো সুহৃদ তথা চৰকাৰ প্ৰশাসন ৷ যাৰ বাবে অতি দুখৰ মাজেৰে আত্মীয়-কুটুমৰ পৰা দূৰৈত এনেদৰে এটা পৰিত্যক্ত বাসগৃহৰ বাৰাণ্ডাতে সময় অতিবাহিত কৰি আহিছিল বৃদ্ধাগৰাকীয়ে ৷ অৱশেষত Warriors নামৰ সংস্থাটোৰ তৎপৰতাত উদ্ধাৰ হ'ল বৃদ্ধাগৰাকী ৷