তিনিচুকীয়া, 10 ডিচেম্বৰঃ সমগ্ৰ উত্তৰ পূৱ তথা অসমজুৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত আছে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মঙলবাৰে উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ ফলত ব্যাহত হৈ পৰে ৰে’ল যাত্ৰাও ৷
নেছৰ বন্ধত অচল উত্তৰ-পূৱ সিমান্ত ৰে’ল সেৱা
কেব বিৰোধী প্ৰতিবাদ ৰাজ্যজুৰি অব্যাহত ৷ নেছ’ই দিয়া সমগ্ৰ উত্তৰ-পূৱ বন্ধত অচল হৈ পৰিল ৰে’ল চলাচলো ৷
নেছৰ বন্ধত অচল উত্তৰ-পূৱ সিমান্ত ৰে’ল সেৱা
ৰাজ্যৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ তিনিচুকীয়া ডিভিজনে বাতিল কৰে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছকে ধৰি বহু কেইখন ৰে’লৰ চলাচল ৷