তিনিচুকীয়া, 26 জুনঃঅত্যাধুনিক প্ৰযুক্তিৰে ন-ৰূপ পাইছে নিউ তিনিচুকীয়াৰ ৰে’লৱে জংচনে ৷ পৰ্যাপ্ত পৰিমানৰ সা-সুবিধাৰে ভৰপূৰ নিউ তিনিচুকীয়া ৰে’লৱে জংচনটোত আছে এটা ভি আই পি আৰু ভি ভি আই পিৰ বাবে জিৰণী কোঠা ৷ ইয়াৰোপৰি নিৰ্ধাৰিত মূল্য প্ৰদান কৰি সৰ্ব-সাধাৰণ যাত্ৰী সকলেও জিৰণী ল’ব পৰাকৈ নিৰ্মাণ কৰা হৈছে সুন্দৰ কোঠালী ৷
বিমানবন্দৰৰ আৰ্হিত নিউ তিনিচুকীয়াৰ ৰে’লৱে জংচন - RAILWAY STATION
অসমৰ ব্যৱসায় বাণিজ্যৰ প্ৰাণকেন্দ্ৰ বাণিজ্যিক চহৰ নিউ তিনিচুকীয়াৰ ৰে’লৱে জংচনৰ নতুন ৰূপ ৷ বিমানবন্দৰৰ আৰ্হিৰে ন-ৰূপত গঢ়ি তুলিছে ৰে’লৱে বিভাগে ।
বিমানবন্দৰৰ আৰ্হিত নিউ তিনিচুকীয়াৰ ৰে’লৱে জংচন
বিমানবন্দৰৰ যাত্ৰীসকলৰ দৰে নিউ তিনিচুকীয়াৰ ৰে’লৱে জংচনটো ৰে’লযাত্ৰী সকলে লাভ কৰিব তেনে সুবিধা ৷ প্ৰায় ৫ কোটি টকা ব্যয় সাপেক্ষে ন ৰূপত সজাই পৰাই তোলা হৈছে নিউ তিনিচুকীয়াৰ ৰে’লৱে জংচনটো ৷ এই ক্ষেত্ৰত তিনিচুকীয়া ৰে’লৱে উপ মহাপ্ৰৱন্ধক গৰাকীয়ে কয় এইয়া জনসাধাৰণৰ সম্পদ ৷ সকলোৱে যাতে চাফ চিকুণতা বজাই ৰাখি কোনো ধৰণৰ ক্ষতি নকৰে তাৰ বাবে অনুৰোধ জনায় ৷ ইতিমধ্যে ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে বুলি জানিব দিয়ে উপ মহাপ্ৰৱন্ধক গৰাকীয়ে |