অসম

assam

ETV Bharat / state

Tinsukia murder case: ধলা হাঁহখাইতীৰ হত্যাকাণ্ডৰ নতুন মোৰ

ধলা হাঁহখাইতীৰ হত্যাকাণ্ডৰ নতুন মোৰ । পত্নীয়ে উন্মোচিত কৰিছে নতুন দিশ ৷ মৃত অনন্ত আৰন্ধৰাৰ নথিপত্ৰৰে ভাতৃ বিনন্দ আৰন্ধৰাই আৰক্ষী বিভাগত চাকৰি কৰি থকাৰ অভিযোগ । তাৰ বাবেই অনন্ত আৰন্ধৰাক পিতৃয়ে হত্যা কৰাৰ চাঞ্চল্যকৰ অভিযোগ পত্নীৰ (Tinsukia sensational murder case) ।

By

Published : Feb 8, 2023, 3:15 PM IST

new angle of Tinsukia murder case
ধলা হাঁহখাইতীৰ হত্যাকাণ্ডৰ নতুন মোৰ

ধলা হাঁহখাইতীৰ হত্যাকাণ্ডৰ নতুন মোৰ

তিনিচুকীয়া,৮ ফেব্ৰুৱাৰী: বিগত ৫ ফেব্ৰুৱাৰীৰ নিশা তিনিচুকীয়া জিলাৰ ধলা আৰক্ষী থানাৰ অন্তৰ্গত হাঁহখাইতী পোৱালি পথাৰ গাঁৱত সংঘটিত হত্যাকাণ্ডৰ নতুন মোৰ (Tinsukia sensational murder case) । মৃত অনন্ত আৰন্ধৰাৰ পত্নীৰ ভাষ্যই উন্মোচিত কৰিছে ঘটনাৰ নতুন দিশ (father murdered son in Tinsukia) ৷ পত্নীৰ ভাষ্য অনুসৰি, অনন্ত আৰন্ধৰাৰ ভাতৃ বিনন্দ আৰন্ধৰাই সম্পূৰ্ণ ভুৱা নথিপত্ৰৰে ভাতৃৰ নামত অসম আৰক্ষীত চাকৰি কৰি থকাৰ বাবেই নিজ পিতৃয়েই হত্যা কৰে অনন্ত আৰন্ধৰাক ৷

সৰু পুত্ৰৰ চাকৰি সুৰক্ষিত কৰাৰ স্বাৰ্থতেই বৰপুত্ৰক হত্যা কৰে নিজ মাতৃ-পিতৃয়ে (new angle of Tinsukia murder case) ৷ এই সন্দৰ্ভত ইতিমধ্যে অনন্ত আৰন্ধৰাৰ পত্নীয়ে মঙলবাৰে ধলা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । আনহাতে, পত্নীৰ পৰা এজাহাৰ লাভ কৰাৰ পিছত আৰক্ষীয়ে তীব্ৰগতিত তদন্ত অব্যাহত ৰাখিছে ৷

উল্লেখযোগ্য যে বিগত ৫ ফেব্ৰুৱাৰীৰ নিশা নিজপিতৃৰ হাততে প্ৰাণ গৈছিল পুত্ৰৰ । হত্যাকাৰী পিতৃয়ে ধলা আৰক্ষী থানাত পৰৱৰ্তী সময়ত আত্মসমৰ্পণ কৰে । আনহাতে, হত্যাকাৰী পিতৃয়ে ঘটনাৰ সবিশেষ জনাই দিয়া ভাষ্য অনুসৰি, উক্তদিনা সন্ধিয়া ধলা আৰক্ষী থানাৰ অন্তৰ্গত হাঁহখাটি পোৱালি পথাৰ গাঁৱৰ নিবাসী দিলীপ আৰন্ধৰা আৰু পুত্ৰ অনন্ত ওৰফে দৌ আৰন্ধৰাৰ মাজত পাৰিবাৰিক কাজিয়াৰ সূত্ৰপাত হয় ।

মাদক দ্ৰব্য সেৱন কৰি থকা পুত্ৰ অনন্ত ওৰফে দৌৱে প্ৰথমতে পিতৃ দিলীপ আৰন্ধৰাক প্ৰহাৰ কৰে । পিছত খঙৰ ভমঙত পিতৃ দিলীপ আৰন্ধৰাই পুত্ৰ অনন্ত ওৰফে দৌক ডিঙিত গামোচাৰে ফাঁচি লগাই হত্যা কৰে । নিজ পুত্ৰক হত্যা কৰি পিতৃ দিলীপ আৰন্ধৰাই ঘটনাৰ দিনা নিশাতেই ধলা আৰক্ষী থানাত আত্মসমৰ্পণ কৰে (father surrendered after killing son) । লগতে অনন্ত ওৰফে দৌ আৰন্ধৰাই দীৰ্ঘদিন ধৰি মাদক দ্ৰব্য সেৱন কৰি ঘৰত উপদ্ৰৱ চলাই অহা বুলি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে ।

উল্লেখ্য যে মৃত অনন্ত আৰন্ধৰাৰ ১০ বছৰীয়া কন্যা সন্তানৰ চকুৰ সন্মুখতেই সংঘটিত হৈছিল এই সমগ্ৰ ঘটনাটো ৷ মাতৃক বাহিৰত ৰাখি দৰ্জা বন্ধ কৰি পিতৃয়ে ডিঙিত গামোচাৰে মেৰিয়াই হত্যা কৰাৰ সময়ত মাতৃয়ে ভৰিত ধৰি সহায় ভিক্ষা কৰা কথাৰ বিৱৰণী দিছে কন্যাই ৷ ইফালে কন্যাই পিতৃক বচাবলৈ চেষ্টা কৰাৰ সময়ত তেওঁকো গঁতিয়াই দিয়া বুলি উল্লেখ কৰিছে ৷

বৰ্তমান ধলা আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । আনহাতে, যদিহে পত্নীৰ অভিযোগ সত্য প্ৰমাণিত হয় তেন্তে ঘটনাই এক বেলেগ দিশত গতি কৰিব । যিটো সময়ত ৰাজ্য চৰকাৰ তথা আৰক্ষীয়ে ভুৱা নিযুক্তিৰ বিৰুদ্ধে অভিযান চলাই আছে, সেই সময়ত খোদ অসম আৰক্ষীতে কেনেকৈ ইমানদিনে ভুৱা নথিপত্ৰৰে ককায়েকৰ নামত চাকৰি কৰি থাকিব পাৰিছে সেয়াও এক ৰহস্যজনক ঘটনা ৷ সেয়ে পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তই কেনে গতি লয় সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক:Body recovered in Sivasagar: গৌৰীসাগৰত পিতনিত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ

ABOUT THE AUTHOR

...view details