অসম

assam

ETV Bharat / state

Swahid Divas in Doomdooma:নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত ডুমডুমা মহাবিদ্যালয়ত শ্বহীদ দিৱস - Nathuram Godse

ডুমডুমা মহাবিদ্যালয়ত শ্বহীদ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱক আৰু নেহৰু যুৱ কেন্দ্ৰৰ চাফাই অভিযান (Cleanliness programme at Doomdooma)। ইয়াৰ সৈতে সংগতি ৰাখি আয়োজন কৰা 'গান্ধীজীৰ আদৰ্শ আৰু যুৱ নেতৃত্ব' শীৰ্ষক আলোচনাত কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে ভাষণ আগবঢ়ায় ।

Cleanliness programme at Doomdooma
ডুমডুমা মহাবিদ্যালয়ত শ্বহীদ দিৱস

By

Published : Jan 31, 2023, 2:19 PM IST

ডুমডুমা, ৩১ জানুৱাৰী:জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী সোমবাৰে দেশজুৰি পালন কৰা হয় (Mahatma Gandhi 75th death anniversary) । অসমৰো বিভিন্ন ঠাইত এই দিৱস পালন কৰা হয় । ৰাজ্য়ৰ আন জিলাৰ লগতে তিনিচুকীয়াতো মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় । এই উপলক্ষে সোমবাৰে ডুমডুমা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষে নেহৰু যুৱ কেন্দ্ৰ, তিনিচুকীয়াৰ সহযোগত শ্বহীদ দিৱস পালন কৰে । ইয়াৰ সৈতে সংগতি ৰাখি পুৱাবেলা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেট, ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱক আৰু নেহৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱকসকলে ৰূপাই চাইডিঙত এক চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে ।

বিয়লি ডুমডুমা মহাবিদ্যালয়ৰ সভাগৃহত শ্বহীদ দিৱস উপলক্ষে 'গান্ধীজীৰ আদৰ্শ আৰু যুৱ নেতৃত্ব' বিষয়ত ছাত্ৰ -ছাত্ৰীসকলৰ বাবে এক সজাগতা সভা অনুষ্ঠিত কৰা হয় (Swahid Divas observed in Doomdooma College)। এই সভাত দ্য আছাম ট্ৰিবিউন কাকতৰ ডুমডুমাৰ সংবাদদাতা তথা ডুমডুমা প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক অভিজিৎ খাটনিয়াৰে সমল ব্যক্তি হিচাবে যোগদান কৰে । তেওঁ গান্ধীজীৰ আদৰ্শ আৰু যুৱ নেতৃত্ব সন্দৰ্ভত বক্তৃতা প্ৰদান কৰি গান্ধীজীৰ আদৰ্শৰে আগুৱাই যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় । খাটনিয়াৰে তেওঁৰ বক্তব্যত গান্ধীজীৰ আদৰ্শৰ প্ৰাসংগিকতা সদায় থাকিব বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক গান্ধীজীৰ আদৰ্শ অনুসৰণ কৰি সমাজ গঠনৰ কামত ব্ৰতী হ'বলৈ আহ্বান জনায় ।

ডুমডুমা মহাবিদ্যালয়ত শ্বহীদ দিৱস

এই অনুষ্ঠানটোত নেহেৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি মুকুন্দ বৰাই ভাষণ আগবঢ়ায় । আৰম্ভণিতে ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹কমলেশ্বৰ কলিতাই আদৰণি ভাষণ প্ৰদান কৰে । মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড৹প্ৰাণজিৎ শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ আঁচনি বিষয়া অধ্যাপক ড৹আব্দুল জেলীল চৌধুৰীৰ লগতে কেইবাগৰাকীও অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

ডুমডুমা মহাবিদ্যালয়ত শ্বহীদ দিৱস

ইপিনে, সন্ধিয়া ডুমডুমা নগৰৰ মাজমজিয়াত অৱস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰা হয় । এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰে ।উল্লেখ্য় যে ১৯৪৮ চনৰ ৩০ জানুৱাৰীত দিল্লীৰ বিৰলা ভৱনত সন্ধিয়াৰ প্ৰাৰ্থনা সভাৰ পৰা আহি থকা অৱস্থাতেই নাথুৰাম গডছেই (Nathuram Godse) মহাত্মা গান্ধীৰ গুলীয়াই হত্যা কৰিছিল (Tributes to Mahatma Gandhi)। মহাত্মা গান্ধীক শেষ শ্ৰদ্ধা জনাবলৈ ১০ লাখ মানুহে পদযাত্ৰা কৰি আহিছিল ৷

লগতে পঢ়ক:APHLC criticized Tuliram Ronghang: কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্যক অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্সৰ সমালোচনা

ABOUT THE AUTHOR

...view details