তিনিচুকীয়া,21 আগষ্ট: সোমবাৰে তিনিচুকীয়াত নাৰ্কোটিক্স ক’ন্ত্ৰল ব্যুৰোৰ সমন্বয় কেন্দ্ৰ চমুকৈ এ.নচি.ও.আৰ.ডিৰ জিলা পৰ্যায়ৰ সমিতিৰ বৈঠক অনুষ্ঠিত হয় । জিলা পৰ্যায়ৰ সমিতিৰ বৈঠকখন আজি তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালৰ অধ্যক্ষতাত অনুষ্ঠিত হয় । বৈঠকত জিলাখনত ড্ৰাগছৰ অপব্যৱহাৰ আৰু নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ৰোধ কৰিবৰ বাবে ল’ব পৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়।
জিলা আয়ুক্তগৰাকীয়ে জিলাখনত ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰিবৰ বাবে আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে বিতংভাবে বুজ লয় । জিলাখনত থকা চৰকাৰী-বেচৰকাৰী নিচামুক্তি কেন্দ্রৰ বিষয়ে আলোচনা কৰাৰ লগতে নিচামুক্তি কেন্দ্রসমূহৰ মানদণ্ড উন্নত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । আনহাতে নিচামুক্ত ভাৰত অভিযানৰ অংশৰূপে জিলা আয়ুক্তগৰাকীয়ে বিদ্যালয় তথা মহাবিদ্যালয় পৰ্য্যায়ত ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ অপকাৰিতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ তদুপৰিও ছাত্ৰ-ছাত্ৰী, যুৱ প্ৰজন্ম আৰু অভিভাৱকসকলক সজাগতামূলক কাৰ্য্যসূচীত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মন্তব্য আগবঢ়ায় ।
জিলাখনত সকলো বিদ্যালয় তথা মহাবিদ্যালয়ত গঠন হোৱা "প্ৰহৰী" ক্লাবৰ সৈতে এন.চি.চি আৰু এন.এচ.এচৰ সদস্যসকলক জড়িত কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে পৰামৰ্শ আগবঢ়ায় । জিলাখনত ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ সেৱনৰ ঘাটিলৈ পৰিগণিত হোৱা এলেকাত সজাগতাৰ সৃষ্টিৰ লগতে সংশ্লিষ্ট বিভাগসমূহক অধিক চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে।