বিজ্ঞানৰ চমক নে অলৌকিকতা ? মাৰ্বলৰ মূৰ্তিয়ে পান কৰিছে দুগ্ধ !!
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অলৌকিক ঘটনাকলৈ চাঞ্চল্য ৷ বালুখাদিত স্থিত শিৱ মন্দিৰৰ মাৰ্বল মূৰ্তিয়ে পান কৰিছে দুগ্ধ
মাঘেৰিটা,29 জুলাই : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত এক ঘটনাকলৈ চাঞ্চল্য ৷ ঘটনাটো সংঘটিত হৈছে বালুখাদিত থকা শিৱ মন্দিৰ এটাক কেন্দ্ৰ কৰি ৷ স্থানীয় ৰাইজৰ দাবী যে মন্দিৰটোৰ সদাশিৱৰ দুই মূল সাৰথিৰ অন্যতম নন্দীৰ মাৰ্বল মূৰ্তিয়ে পান কৰিছে দুগ্ধ ৷ এই কথা ৰাষ্ট্ৰ হোৱাৰ লগে লগে অন্ধবিশ্বাসী তথা উৎসুক লোকৰ মন্দিৰটোলৈ অহৰহ সমাগম ঘটিছে। ইয়াৰ লগে লগে মন্দিৰটোত আৰম্ভ হৈছে ভক্তপ্ৰাণ ৰাইজৰ পূৰ্জা অৰ্চনা। কিন্তু সচেতন মহলে এই কথা নস্যাৎ কৰিছে ৷ এই ঘটনাক লৈ উৰাবাতৰি নিবিয়পাবলৈ আহ্বান জনাইছে ৷