মাৰ্ঘেৰিটা,10 ফেব্ৰুৱাৰী: যিটো সময়ত ৰাজ্য চৰকাৰে শিক্ষা বিভাগত আমোল পৰিৱৰ্তনৰ কথা কৈ আহিছে, তেনে সময়তে মাৰ্ঘেৰিটাৰ এখন বিদ্যালয়ত দেখা গৈছে বিপৰীত ছবি ৷ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ জাগুণৰ নামফাই অৰুণোদয় প্রাথমিক বিদ্যালয় প্ৰাদেশীকৰণ হোৱাটো বাদেই, বিদ্যালয় খনত নাই কোনো চৰকাৰী গৃহৰ সুব্যৱস্থা, নাই কোনো ডেক্স-বেঞ্চকে আদি কৰি ছাত্র-ছাত্ৰী সকলৰ মধ্যহ্ন ভোজনৰ ব্যৱস্থা। ভঙা বাঁহৰ বেৰৰ এটি গৃহতে মাটিত বহি শিক্ষকে প্ৰদান কৰি গৈছে পাঠদান ৷
ভঙা বেৰৰ গৃহতে চলিছে নামফাই অৰুণোদয় প্রাথমিক বিদ্যালয়ৰ পাঠদান - শিক্ষক নিযুক্তি
অসম চৰকাৰে 30 হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰি আলোড়নৰ সৃষ্টি কৰাৰ সময়তে মাৰ্ঘেৰিটাৰ এখন বিদ্যালয়ত দেখা গৈছে বিপৰীত ছবি ৷ বিদ্যালয় প্ৰাদেশীকৰণ হোৱাটো বাদেই, 1999 চনত স্থাপন হোৱা বিদ্যালয়খনত নাই কোনো চৰকাৰী গৃহৰ সুব্যৱস্থা ৷
![ভঙা বেৰৰ গৃহতে চলিছে নামফাই অৰুণোদয় প্রাথমিক বিদ্যালয়ৰ পাঠদান ভঙা বেৰৰ গৃহতে চলিছে নামফাই অৰুণোদয় প্রাথমিক বিদ্যালয়ৰ পাঠদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10565605-375-10565605-1612921767721.jpg)
ভঙা বেৰৰ গৃহতে চলিছে নামফাই অৰুণোদয় প্রাথমিক বিদ্যালয়ৰ পাঠদান
উল্লেখ্য যে, অসম চৰকাৰে যোৱাটো সপ্তাহত প্ৰায় 30 হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰি আলোড়নৰ সৃষ্টি কৰাৰ সময়তে মঙলবাৰে নগাঁৱত জাঙুৰ খাই উঠিছিল ন প্ৰাদেশীকৃত শিক্ষক সকল ৷ কাৰণ বিদ্যালয় প্ৰাদেশীকৰণৰ নামত পদ প্ৰাদেশীকৰণ কৰি আসোৱাঁহ পূৰ্ণ নিযুক্তি প্ৰদানেৰে শিক্ষক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল ৷ কিন্তু ইয়াৰ মাজতেই 1999 চনত স্থাপন হোৱা এই বিদ্যালয়খনে লাভ নকৰিলে কোনো চৰকাৰী সেৱা ৷
লগতে পঢ়ক:বিদ্যালয় প্ৰাদেশীকৰণত ভেঁকো-ভাওনাৰ অভিযোগ প্ৰাথমিক শিক্ষক সন্থাৰ