অসম

assam

ETV Bharat / state

অপসংস্কৃতি ! স্বল্পবসনা যুৱতীৰ গীতৰ অনুস্থান মুকলি কৰিলে বিধায়ক ভাস্কৰ শৰ্মাই

সংস্কৃতিৰ নামত অপসংস্কৃতি । মাৰ্ঘেৰিটাত সংস্কৃতিৰ নামত স্বল্পবসনা যুৱতীৰ গীতৰে সাংস্কৃতিক সন্ধ্যা । এই সাংস্কৃতিক সন্ধিয়া মুকলি কৰে মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই । ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ । বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহনীয়া সংস্কৃতিৰে সমৃদ্ধ মাৰ্ঘেৰিটাত এনে অপসংস্কৃতিৰ প্ৰদৰ্শনক একেমুখে সমালোচনা কৰিছে সচেতন মহলেও ।

স্বল্পবসনা যুৱতীৰ গীতৰ শৰাই মুকলি কৰিলে বিধায়ক ভাস্কৰ শৰ্মাই
স্বল্পবসনা যুৱতীৰ গীতৰ শৰাই মুকলি কৰিলে বিধায়ক ভাস্কৰ শৰ্মাই

By

Published : Jan 10, 2021, 1:24 PM IST

তিনিচুকীয়া, ১০ জানুৱাৰী: মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰত যোৱা ৬ আৰু ৭ জানুৱাৰীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত মাৰ্ঘেৰিটা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ তৃতীয় দ্বি-বাৰ্ষিক অধিবেশন আৰু গোৰ্খা জাতীয় সমাৰোহত জাতীয় সংস্কৃতিৰ নামত চলিল অপসংস্কৃতি । সংগঠনটোৱে ৭ জানুৱাৰীৰ নিশা আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত নেপালৰ পৰা আমদানীকৃত স্বল্পবসনা যুৱতীৰ সংগীতৰ অনুস্থানত সংস্কৃতিৰ নামত অপসংস্কৃতিক আদৰাহে পৰিলক্ষিত হয় । মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই উদ্বোধন কৰা এই সাংস্কৃতিক অনুষ্ঠানত নেপালৰ পৰা অহা স্বল্পবসনা যুৱতী শিল্পীয়ে পৰিবেশন কৰিছিল গীতৰ শৰাই ।

মাৰ্ঘেৰিটাত স্বল্পবসনা যুৱতীৰ গীতৰ শৰাই

সংস্কৃতিৰ নামত প্ৰদৰ্শিত এনে অপসংস্কৃতিৰ দৃশ্যই এতিয়া নিৰাশ কৰিছে মাৰ্ঘেৰিটাবাসীক । সম্প্ৰতি এই ঘটনাক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছে । গোৰ্খা ছাত্ৰ সন্থাৰ একাংশ বিষয়ববীয়াৰ মাজতো দেখা দিছে অসন্তুষ্টিৰ । বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহনীয়া সংস্কৃতিৰে সমৃদ্ধ মাৰ্ঘেৰিটাত এনে অপসংস্কৃতিৰ প্ৰদৰ্শনক একেমুখে সমালোচনা কৰিছে সচেতন মহলেও । অন্যহাতে উক্ত অনুষ্ঠানতে বিধায়ক ভাস্কৰ শৰ্মাই উগ্ৰ ভাষণ দিয়াৰো অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক:সোমবাৰে শিলচৰলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

For All Latest Updates

ABOUT THE AUTHOR

...view details