শদিয়া,4 এপ্ৰিলঃডিৰাক চুমনি বান্ধৰ বিজ্ঞানসন্মত স্থায়ী সমাধানৰ দাবীত বৃহস্পতিবাৰে তিনিচুকীয়াৰ কাকপথাৰৰ ডিৰাকত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণকৰে ন-দিহিং বান্ধ সুৰক্ষা সংগ্ৰাম সমিতিয়ে ৷ ডিৰাক চাৰিআলিত ৰূপায়ণকৰা এই ৬ ঘন্টীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰে শতাধিক লোকে ৷ স্থানীয় বিধায়ক বলিন চেতীয়া আৰু সাংসদ প্ৰদান বৰুৱাক বাৰম্বাৰ অনুনয় বিনুনয় কৰাৰ পিছতো বান্ধটো সমাধান নকৰাত ক্ষোভিত হৈ ৰাইজে ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হয় বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰী সকলে ৷
সাংসদ প্ৰদান বৰুৱাক প্ৰত্যাহ্বান ন-দিহিং বান্ধ সুৰক্ষা সংগ্ৰাম সমিতিৰ
ডিৰাকত ন-দিহিং বান্ধ পুনৰ নিৰ্মাণৰ দাবীত অৱস্থান ধৰ্মঘট, ১৯৯২ চনত ন-দিহিং বান্ধ ভঙাৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল প্ৰায় ১৩৩খন গাঁও
ইয়াৰ উপৰিও সাংসদ প্ৰদান বৰুৱাই বান্ধটোৰ বিষয়য়ে "এইবাৰ বানপানী নহয়" বুলি টুলুঙা মন্তব্য কৰা কাৰ্যকো সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে ৷ লগতে বান্ধটো নিৰ্মাণৰ বাবে মাজে সময়ে চৰকাৰে ধন মোকলাই দিয়ে যদিও ধন সমূহ সৎ ব্যৱহাৰ নকৰাৰ অভিযোগ উৎথাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে ১৯৯২ চনত উক্ত বান্ধটো ভঙাৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল প্ৰায় ১৩৩খন গাঁও৷ প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ বান্ধটো স্থায়ী সমাধানৰ বাবে চৰকাৰে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইয়া পৰিলক্ষিত নহ'ল, ইয়াৰ বিপৰীতে নিৰ্বাচনৰ আগত বান্ধটোক লৈ সকলো ৰাজনৈতিক দলে ৰাজনীতি কৰাহে দেখা যায় ৷ উল্লেখ্য যে ছয় ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী চলি থকাৰ সময়তে স্থানীয় বিধায়ক বলিন চেতীয়াই উক্ত অঞ্চলকেইটাতে কেইবাখনো সভা আহ্বান কৰি বিজেপি দলক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাই ৷