ডুমডুমা,13 ছেপ্তেম্বৰ:তিনিচুকীয়াৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত দৈমুখীয়া গাওঁ পঞ্চায়তৰ এগৰাকী সদস্যক নৃশংস হত্যা ৷ হত্যাকাণ্ডটোক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ বিগত ১০ ছেপ্তেম্বৰত সমষ্টিটোৰ দৈমুখীয়া গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য তথা ফটিকজান চাহ বাগিচা নিবাসী গান্ধী মুণ্ডাক প্ৰায় ১৬/১৭ জনীয়া এটা দুৰ্বৃত্তৰ দলে নিৰ্মমভাৱে প্ৰহাৰ কৰি মুমুৰ্ষ অৱস্থাত পথৰ দাঁতিত পেলাই থৈ যায় ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে মুণ্ডাক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়াৰ যো-জা চলায় যদিও ৩০ বছৰীয়া ব্যক্তিগৰাকীৰ মৃত্যু ঘটে ৷ এগৰাকী সক্ৰিয় কংগ্ৰেছ কৰ্মী হোৱাৰ পৰিপ্ৰেক্ষিতত মুণ্ডাৰ মৃতদেহ ডুমডুমাৰ ৰাজীৱ ভৱনলৈ নি জ্ঞাপন কৰা হয় শেষ শ্ৰদ্ধা ৷
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অন্তত ৰাইজে এই হত্যাৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত হাতে হাতে প্লে’ কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ লগতে প্ৰতিবাদকাৰী সকলে এক সমদল বাহিৰ কৰি উপস্থিত হয়গৈ ডুমডুমা আৰক্ষী চকীত ৷ এই প্ৰতিবাদৰ নেতৃত্ব বহন কৰে স্থানীয় বিধায়ক দুৰ্গা ভূমিজে ৷