তিনিচুকীয়া,23 জুন:তিনিচুকীয়াৰ মাকুমৰ বেতজান চাহ বাগিচাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷ সোমবাৰে নিশা বাগিচাখনৰ কৰ্তব্যত নিয়োজিত থকা এগৰাকী চকীদাৰক হত্যা কৰি পেলাই থৈ যায় কোনো অচিনাক্ত দুৰ্বৃত্তই ৷ এই হত্য়াকাণ্ডই স্বাভাৱিকতে অঞ্চলটোত সৃষ্টি কৰে তীব্ৰ উত্তেজনাৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, জেকি বাইগা নামৰ নৈশ চকীদাৰজনক দুৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰে ৷ নিশা চোৰে চাহপাত চুৰি কৰিবলৈ আহি চকীদাৰজনক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
বেতজান চাহ বাগিচাত নৈশ চকীদাৰক হত্য়া - Murder
তিনিচুকীয়াৰ বেতজান চাহ বাগিচাত কৰ্তব্যৰত অৱস্থাত থকা এগৰাকী নৈশ চকীদাৰক হত্য়া কৰে দুৰ্বৃত্তই ৷ চাহপাত চুৰি কৰিবলৈ আহি দুৰ্বৃত্তই চকীদাৰজনক হত্য়া কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
![বেতজান চাহ বাগিচাত নৈশ চকীদাৰক হত্য়া murder of a night chowkidar in betjan tea estate tinsukia assam etv bharat crime news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7736032-thumbnail-3x2-a.jpg)
নৈশ চকীদাৰক হত্য়া
নৈশ চকীদাৰক হত্য়া
ইফালে ঘটনা সংঘটিত হোৱাৰ 24 ঘণ্টাৰ ভিতৰত হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবীত 37নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আটছাৰ সদস্যসকলে ৷
লগতে চাওকঃসমুদ্ৰ মন্থনৰ সময়ত উঠি অহা কল্পবৃক্ষৰ আছে ঐশ্বৰিক বিশেষত্ব