অসম

assam

By

Published : Nov 1, 2020, 1:24 PM IST

Updated : Nov 1, 2020, 1:46 PM IST

ETV Bharat / state

নামচাইত আৰক্ষীয়ে গুলীয়ালে অসমীয়া ব্যৱসায়ীক !

অৰুণাচলৰ নামচাই জিলাৰ টেঙাপানীত দুৰ্বৃত্তৰ গুলীত নিহত হৈছে এগৰাকী অসমীয়া ব্যৱসায়ী ৷ টেঙাপানীৰ নতুন গাঁৱত দুৰ্বৃত্তই ব্যৱসায়ীজনক গুলীয়াই হত্যা কৰাৰ লগতে পুত্ৰকো অপহৰণ কৰি নিয়ে ৷

Murder at sadiya tinsukia assam etv bharat news
দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী

শদিয়া,1 নৱেম্বৰ:অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ পাহাৰীয়া ৰাজ্যখনৰ নামচাই জিলাৰ টেঙাপানীত দুৰ্বৃত্তৰ গুলীত নিহত হৈছে এগৰাকী অসমীয়া ব্যৱসায়ী ৷ ঘটনাৰ বিৱৰণী অনুসৰি,টেঙাপানীৰ নতুন গাঁৱৰ প্ৰশান্ত বৰা নামৰ এগৰাকী প্ৰায় 42 বছৰীয়া ব্যৱসায়ীক বাসগৃহতে দুৰ্বৃত্তই হত্যা কৰি পুত্ৰ উজ্জ্বল বৰাক অপহৰণ কৰি নিয়ে ৷ এটা ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে কোনোমতে চলি থকা দৰিদ্ৰ পৰিয়ালটোৰ ওপৰত অজ্ঞাত দুৰ্বৃত্তই কৰা এনে আক্ৰমণৰ কাৰণ বৰ্তমানলৈকে পোহৰলৈ অহা নাই ৷

উক্ত হত্যাৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য সৃষ্টি হৈছে দুইখন ৰাজ্যৰ সীমামুৰীয়া অঞ্চলটোত ৷ মৃত বৰাৰ পত্নীয়ে দিয়া অভিযোগ অনুসৰি, শনিবাৰে নিশা ধলা আৰক্ষীৰ এটা দলে বাসগৃহলৈ আহি ব্যৱসায়ী গৰাকীক গুলীয়াই হত্যা কৰাৰ লগতে ডাঙৰ পুত্ৰক লগত লৈ যায় ৷ মৃত বৰাৰ পত্নীয়ে দিয়া এই গুৰুতৰ অভিযোগৰ পাছত এতিয়া অধিক আতংকিত হৈ পৰিছ অঞ্চলবাসী ৷

লগতে চাওকঃপৰিভ্ৰমী শামুক ভঙা চৰাইৰ আশ্ৰয়স্থলীলৈ পৰিণত হোৱা মৰাণৰ এখন গাঁও

Last Updated : Nov 1, 2020, 1:46 PM IST

ABOUT THE AUTHOR

...view details