মাৰ্ঘেৰিটা,4 মাৰ্চঃতিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত শালেকীবস্তিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । ৰাহুল ৰায় নামৰ ২৩ বছৰীয়া যুৱকৰ লাঠীৰ নিৰ্মম প্ৰহাৰত গুৰুতৰভাৱে আহত হয় বিষ্ণু ৰায় নামৰ ৪৮ বছৰীয়া ব্যক্তিগৰাকী । দুয়ো সম্পৰ্কত পিতা-পুত্ৰ বুলি জানিব পৰা গৈছে । পাৰিবাৰিক কন্দলৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হয় ৷
পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ - লিডু আৰক্ষী
তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত শালেকীবস্তিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । ৰাহুল ৰায় নামৰ ২৩ বছৰীয়া যুৱকৰ লাঠীৰ নিৰ্মম প্ৰহাৰত গুৰুতৰভাৱে আহত হয় বিষ্ণু ৰায় নামৰ ৪৮ বছৰীয়া ব্যক্তিগৰাকী । পৰৱৰ্তী সময়ত মৃত্যু ঘটে বিষ্ণু ৰায়ৰ ৷
পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ
প্ৰাপ্ত তথ্য অনুসৰি, মাতৃৰ সৈতে কাজিয়া কৰি থকাৰ বাবে খঙৰ বশৱৰ্তী হৈ পুত্ৰই প্ৰহাৰ কৰে পিতৃক ৷ পুত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত পিতৃয়ে অৱশেষত মৃত্যুবৰণ কৰে ৷ বৃহস্পতিবাৰে পুৱা আৰক্ষীয়ে অভিযুক্ত ৰাহুলক গ্ৰেপ্তাৰ কৰে । লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে ।
লগতে পঢ়কঃদিল্লী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চিলনী চোৰ
Last Updated : Mar 4, 2021, 1:53 PM IST