শদিয়া,3 ছেপ্তেম্বৰ: ৰাজ্যত দিনক দিনে অপৰাধ জনিত ঘটনা বৃদ্ধি পাৱলৈ ধৰিছে ৷ প্ৰতিদিনেই হত্যা, হিংসা আদি হিসাত্মক ঘটনাই সংবাদ শিৰুনাম দখল কৰি আহিছে ৷ আৰক্ষী তথা প্ৰশাসন যিমানেই কঠোৰ হৈছে সিমানেই অপৰাধীয়েও বিভিন্ন ধৰণৰ অপৰাধজনীত ঘটনা সংঘটিত কৰি আহিছে, যি বিষয়টোৱে ৰাজ্যৰ সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে ৷
এই সকলোবোৰৰ মাজতে তিনিচুকীয়া জিলাৰ ধলা ডাঙৰী নিজৰাপাৰত বৃহস্পতিবাৰে নিশা এক লোমৰ্হষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ ঘটনা অনুসৰি বৃহস্পতিবাৰে নিশা জচলেন মুড়া নামৰ লোকজনে নিজৰ ভনী জোঁৱাই ৰাম ভূমিজক কটাৰীৰে ৰেপি হত্যা কৰা বুলি জানিব পৰা গৈছে ৷ হত্যাকাণ্ডটো সংঘটিত হৈছে এটা সাধাৰণ কথাতে ৷ ঘৰৰ জেওৰা দিয়াৰ বিষয়টোক লৈয়ে এই কাণ্ডটো সংঘটি হৈছে ৷