অসম

assam

ভাস্কৰ শৰ্মাৰ কু-কীৰ্তি অসমৰ ৰাইজে জানে: প্ৰদ্যুৎ বৰদলৈ

By

Published : Mar 17, 2021, 10:56 PM IST

মাৰ্ঘেৰিটা সমষ্টিত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নিৰ্বাচনী প্ৰচাৰ ৷ কংগ্ৰেছৰ প্ৰাৰ্থী মনোৰঞ্জন বৰগোঁহাইৰ হৈ প্ৰচাৰ চলাই বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সৰৱ বৰদলৈ ৷

mp pradyut bordoloi campaign at margherita constituency for assam poll
ভাস্কৰ শৰ্মাৰ কু-কীৰ্তি অসমৰ ৰাইজে জানে: প্ৰদ্যুৎ বৰদলৈ

শদিয়া,17 মাৰ্চ:মাৰ্ঘেৰিটা সমষ্টিৰ বৰহুলুঙৰ গুটিবাৰী বুঢ়ীদিহিঙত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সৰৱ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ মাৰ্ঘেৰিটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মনোৰঞ্জন বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে বৰদলৈ সৰৱ হৈ পৰে ৷

ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে পুলিচৰ সহযোগত অবৈধভাৱে কয়লা খননৰ ছিণ্ডিকেট চলাই আহিছে বুলি অভিযোগ কৰি বৰদলৈয়ে মন্তব্য কৰে যে, বিজেপি দলে ভাস্কৰ শৰ্মাৰ দৰে লোকক পুনৰ প্ৰাৰ্থিত্ব দিয়াৰ কথাই এই কথা প্ৰমাণ কৰে যে বিজেপি চৰকাৰক লুন্ঠন চলোৱা মানুহ লাগে ৷

ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে পুলিচৰ সহযোগত অবৈধভাৱে কয়লা খননৰ ছিণ্ডিকেট চলাই অহাৰ অভিযোগ বৰদলৈৰ

মাৰ্ঘেৰিটা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মনোৰঞ্জন বৰগোঁহাই বিজয়ী হ'ব বুলি দাবী কৰি বৰদলৈয়ে লগতে এইবুলিও কয় যে, ৰাইজৰ সম্পত্তিৰ কিবা ৰক্ষণাবেক্ষণ যে ভাস্কৰ শৰ্মাই দিব পাৰিব তাত সন্দেহ আছে ৷

এনেধৰণৰ ব্যক্তি জন প্ৰতিনিধি হোৱাৰ যোগ্য হয় নে নহয় সেই সিদ্ধান্ত ৰাইজে ল'ব বুলি মন্তব্য কৰি বৰদলৈয়ে কয় যে, কিছুমান মুষ্টিমেয় ব্যক্তিৰ পকেট গৰম কৰা আৰু নিজে বিলিয়নেৰি হোৱাৰ বাদে তেওঁ সমাজৰ বাবে উন্নতি সাধন কৰিব পাৰিব নে নোৱাৰে সেইলৈ সন্দেহ আছে ৷

লগতে পঢ়ক:ন-কইনাৰ দৰে কংগ্ৰেছে আদৰিছে আজমলক: অতুল বৰা

ABOUT THE AUTHOR

...view details