শদিয়া,27 ডিচেম্বৰঃ সদৌ অসম মটক ছাত্ৰ সন্থাৰ সভাপতিক লৈ নানা ধৰণৰ বাতৰি প্ৰচাৰ হৈ থকাৰ সময়তে তদানীন্তন সভাপতি নিৰেণ শইকীয়াক সংগঠনৰ পৰা স-সন্মানে অব্যাহতি লবলৈ আহ্বান জনাইছে মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷ কাকপথাৰত সংগঠনটোৰ জিলা সমিতিয়ে আয়োজন কৰা এখন সংবাদমেলত ২৩ বছৰ সভাপতি হিচাপে কাৰ্যনিবাহ কৰি নিৰেণ শইকীয়াই সংবিধান উলংঘা কৰাৰ অভিযোগ কৰে ৷ লগতে তেওঁৰ স্থিতিৰ বিপৰীতে যোৱা ১৯ নৱেম্বৰত ডিব্ৰুগড়ত হোৱা সাধাৰণ সভাৰ নিৰ্বাচন মৰ্মে সমগ্ৰ অসমৰ প্ৰতিনিধিয়ে সভাপতি যুগল বৰুৱা, সম্পাদক ৰাতুল গগৈক নিৰ্বাচন কৰে আৰু তেওঁলোকক লৈয়ে তিনিচুকীয়া জিলা সমিতিখনো আগুৱাই যাব বুলি মত পোষণ কৰে ৷ লগতে কাকপথাৰ পৰিৰ্দশন বাংলাত অনুষ্ঠিত হোৱা সংবাদ মেলত অখিল গগৈক অতি সোনকালে কাৰাগাৰৰ পৰা মুক্তি নিদিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷
কাকপথাৰত মটক ছাত্ৰ সন্থাৰ সংবাদমেল - সদৌ অসম মটক ছাত্ৰ সন্থা
কাকপথাৰত সংগঠনটোৰ জিলা সমিতিয়ে আয়োজন কৰা এখন সংবাদমেলত ২৩ বছৰ সভাপতি হিচাপে কাৰ্যনিবাহ কৰি নিৰেণ শইকীয়াই সংবিধান উলংঘা কৰাৰ অভিযোগ কৰে ৷
![কাকপথাৰত মটক ছাত্ৰ সন্থাৰ সংবাদমেল কাকপথাৰত মটক ছাত্ৰ সন্থাৰ সংবাদমেল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10028422-989-10028422-1609084461410.jpg)
কাকপথাৰত মটক ছাত্ৰ সন্থাৰ সংবাদমেল
কাকপথাৰত মটক ছাত্ৰ সন্থাৰ সংবাদমেল
সমান্তৰালভাবে অৰুণাচল প্ৰদেশৰ পৰা অবৈধভাবে অহা কাঠ, কয়লাকে ধৰি বিভিন্ন চোৰাং বেহা বন্ধৰ দাবী জনাই সংগঠনটোৱে ৷ ইয়াৰ ওপৰিও সমাগত বিধানসভা নিৰ্বাচনত মটক অধ্যুষিত অঞ্চলত মটক জনগোষ্ঠীৰ লোকক সকলো ৰাজনৈতিক দলে প্ৰাথিত্ব প্ৰদান কৰিবলৈ ৰাজনৈতক দলসমূহৰ নেতৃত্বক আহ্বান জনায় ৷ সংবাদমেলত মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক মন্টু ৰাজকোঁৰকে ধৰি বহুকেইজন নেতাই অংশগ্ৰহণ কৰে ৷
লগতে পঢ়কঃ হোটেল প্ৰাগ কন্টিনেন্টেলত অসম জাতীয় পৰিষদৰ কাৰ্যনিৰ্বাহক