মৰাণ, 26 ডিচেম্বৰ:তিনিচুকীয়া জিলাৰ পানীতোলাৰ বেতিয়নীত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয় (Devastating fire at Panitola)৷ দেওবাৰে নিশা প্ৰায় ৯ বজাত বেতিয়নীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ফলত এটি শিশুসহ মাতৃ জীৱন্তে অগ্নিদগ্ধ হয়(Mother son died in devastating fire)৷
নিজ বাসগৃহত নিশা শুই থকা অৱস্থাত জুইৰ সূত্ৰপাত হোৱাত পুনম গোৱালা(২২), পুত্ৰ ৰমেশ গোৱালা (১৮ মাহ)ক জুইয়ে আঁৱৰি ধৰাত অগ্নিদগ্ধ হৈ থিতাতে মৃত্যু হয় দুই মাতৃ-পুত্ৰৰ ৷
লগে লগে স্থানীয়ে লোকে অগ্নিকাণ্ড ভয়াবহ হোৱা দেখি স্থানীয় আৰক্ষীসহ অগ্নিনিৰ্বাপক বাহীনিক খবৰ কৰে ৷ যদিও ঘটনাস্থলীত আৰক্ষীসহ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ পূৰ্বে জুইত ভস্মীভূত হয় সম্পূৰ্ণ বাসগৃহটো ৷ অৱশ্যে অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’ল এতিয়ালৈ তাৰ কাৰণ জানিব পৰা হোৱা নাই ৷