তিনিচুকিয়া, 16 জুনঃ তিনিচুকীয়া জিলাৰ ফিল'বাৰী বিজুলীবনত ১৩ জুনৰ দিনা নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ১৪ বছৰীয়া ছাত্ৰীক বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহোতে নতুন মাইথংত পূৰ্বৰে পৰা খাপ পিটি থকা পাঁচটাকৈ সন্তানৰ পিতৃ লালন চাহু নামৰ এটা ৪০ বছৰীয়া লম্পটে ছাত্ৰী গৰাকীক যৌন আতিশায্য চলায় ।
পাঁচটাকৈ সন্তানৰ পিতৃৰ কামনাৰ বলি নৱম শ্ৰেণীৰ ছাত্ৰী
যি সময়ত শিশুক যৌন শোষণৰ পৰা ৰক্ষা কৰিবলৈ কঠোৰৰ পৰা কঠোৰতম আইন প্ৰণয়ন কৰা হৈছে, তেনে সময়ত আইনৰ ৰক্ষক জনেই শিশুক যৌন অত্যাচাৰ কৰা অপৰাধীৰ পক্ষত থিয় হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ।
উল্লেখ্য যে, উক্ত দিনা প্ৰচণ্ড বতাহ ধুমুহাৰ বাবে ৰাস্তাত মানুহ নথকাৰ সুযোগ লৈ অভিযুক্তই যুৱতী গৰাকীৰ শ্লীলতা হানি কৰে । ছাত্ৰীগৰাকীয়ে পিচত কৌশলৰে পলায়ন কৰিবলৈ সক্ষম হয় ৷ পিচত ১৪ জুনৰ দিনা এই সংক্ৰান্তত ভুক্তভোগীৰ পৰিয়ালে পেঙেৰী আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ অৱশ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰা পৰিৱৰ্তে ভূক্তভোগীৰ পৰিয়ালক গোচৰটো বুজা-বুজি কৰি উঠাই লবলৈহে হেঁচা প্ৰয়োগ কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে । আনকি অভিযুক্তইহে ভুক্তভোগীৰ পৰিয়ালৰ লোকসকলক গোচৰ দিয়া বুলি আৰক্ষীয়ে পৰিয়ালক জানিবলৈ দিয়ে ।
তাৎপৰ্যপূৰ্ণ ভাবে, এই সমস্ত বিষয় পোহৰলৈ অহাত সাংবাদিক, ছাত্ৰ সংগঠন আৰু স্থানীয় ৰাইজৰ হেঁচাত অভিযুক্ত লালন চাহুৰ বিৰুদ্ধে শিশুক যৌন নিৰ্যাতন চলোৱা তথা শ্লীলতা হানি কৰা আদিৰ অভিযোগত আৰক্ষীয়ে গোচৰ ৰুজু কৰে । এনে স্পৰ্শকাতৰ বিষয়কলৈ সাম্প্ৰদায়িক মন্তব্য দিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে গোর্খা ছাত্ৰ সন্থাই । ছাত্ৰ সংগঠনটোৱে এই সংক্ৰান্তত মনোজ চাহু নামৰ এজন যুৱকৰ বিৰুদ্ধে পেঙেৰী থানাত অভিযোগ দাখিল কৰিছে । উল্লেখযোগ্য যে, কিশোৰী ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনাৰ ক্ষেত্ৰত পেঙেৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই গ্ৰহণ কৰা ভূমিকাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।