তিনিচুকীয়া, ২৭ এপ্ৰিল:তিনিচুকীয়া জিলাৰ মাকুম ৰূপনগৰৰ বাসিন্দা প্ৰাঞ্জল মৰাণ নামৰ যুৱক এজনক মঙলবাৰে কোনো কথাকলৈ মৰিয়াই মৰিয়াই আঠজনকৈ নৰধামে হত্যা কৰা ঘটনাৰ আজিও প্ৰতিক্ৰিয়া অব্য়াহত আছে (Mob lynching case in Tinsukia)। এই হত্যাকাণ্ডৰ প্ৰতিবাদত বৃহস্পতিবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিক সমিতিৰ কাৰ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ।
নিৰপৰাধী যুৱকজনক চাৰি ঘণ্টা ধৰি বাহনৰ ভিতৰত সুমুৱাই অত্যাচাৰ কৰি হত্যা কৰাৰ প্ৰতিবাদত উত্তাল হৈছে মাকুম ৰূপনগৰ (Protest at Makum)। আৰক্ষী প্ৰশাসনক অৱগত কৰিবলৈও ফোন কৰাৰ পিচতো আৰক্ষীয়ে ফোন ৰিচিভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ ৰাইজে । চাৰি ঘন্টাৰ ভিতৰতো প্ৰশাসনৰ লোক ঘটনাস্থলীলৈ আহিব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনক বুলি ক্ষোভেৰে কয় প্ৰতিবাদকাৰীসকলে ।
ইপিনে, নিৰপৰাধী যুৱকজনক অত্যাচাৰ চলাই হত্যা কৰাৰ সময়তো যুৱকজনক উদ্ধাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনে কোনো সহায় নকৰিলে বুলি সদৌ মৰাণ ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰিছে (All Moran Students Union protest)। উক্ত ৰাজহুৱা সভাত যুৱকজনৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে । দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদান নকৰালৈকে জংগী আন্দোলন চলাই যাব বুলি সদৌ মৰাণ ছাত্ৰ সন্থাই প্ৰশাসনক সকীয়াই দিয়ে ।