অসম

assam

By

Published : Jan 23, 2021, 10:07 AM IST

ETV Bharat / state

ডুমডুমাত মৰাণ ছাত্ৰ সন্থাৰ জোঁৰ সমদল

সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডুমডুমা আৰু ফিল'বাৰী আঞ্চলিক সমিতিৰ লগতে মৰাণ জাতীয় মহিলা পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত প্ৰতিবাদ ৷ আৰক্ষীৰ বাধা প্ৰদান ৷

MORAN STUDENT UNION PROTEST AT DUMDUMA
MORAN STUDENT UNION PROTEST AT DUMDUMA

ডুমডুমা, 23 জানুৱাৰী :মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন প্ৰদানৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ ইয়াৰ লগতে বৃহত্বৰ ডুমডুমা আৰু ফিল'বাৰী অঞ্চলৰ জ্বলন্ত সমস্যাসমূহ সমাধান আৰু মাদক দ্ৰৱ্য সমূহ নিবাৰণৰ দাবীত ডুমডুমাত এক জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

ডুমডুমাত মৰাণ ছাত্ৰ সন্থাৰ জোঁৰ সমদল

সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডুমডুমা আৰু ফিল'বাৰী আঞ্চলিক সমিতিৰ লগতে মৰাণ জাতীয় মহিলা পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত ডুমডুমাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখৰ পৰা জোঁৰ সমদল বাহিৰ কৰা সময়তেই জোঁৰ সমদলকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰে । অতি শীঘ্ৰে মৰাণ জনজাতিৰ সংগঠন সমূহৰ এই দাবীসমূহ পূৰণ নকৰিলে পৰৱৰ্তী সময়ত আৰু অধিক জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান ।

লগতে পঢ়ক :জেৰেঙাত সতী জয়মতীক অপমান নকৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান এটোৱা মুণ্ডাৰ

ABOUT THE AUTHOR

...view details