অসম

assam

ETV Bharat / state

বহুজাতিক প্ৰতিষ্ঠানৰ বিৰুদ্ধে গণ আন্দোলনৰ হুংকাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ - হিন্দুস্তান ইউনিলিভাৰ লিমিটেড

বিভিন্ন বহুজাতিক প্ৰতিষ্ঠানৰ থলুৱাক বঞ্চিত কৰা তথা সামাজিক উন্নয়ন নীতিৰ স্থিতিক লৈ তীব্ৰ আন্দোলনৰ ভাবুকি সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৷

গণ আন্দোলনৰ হুংকাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ

By

Published : Oct 17, 2019, 3:40 AM IST

তিনিচুকীয়া, 16 অক্টোবৰঃ বিভিন্ন বহুজাতিক প্ৰতিষ্ঠানৰ থলুৱাক বঞ্চিত কৰা তথা সামাজিক উন্নয়ন নীতিৰ স্থিতিক লৈ তীব্ৰ আন্দোলনৰ ভাবুকি সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৷ বুধবাৰে তিনিচুকীয়া সাংবাদিক চ'ৰাৰ সভাগৃহত এই বিষয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি ছাত্ৰ সংগঠনটোৰ জনায় সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে ৷ সংবাদমেলত ৰাজহুৱা খণ্ডৰ উদ্যোগ অইল ইণ্ডিয়া লিমিটেড আৰু বহুজাতিক লাভজনক প্ৰতিষ্ঠান ভাৰতীয় তৈল নিগম, ক'ল ইণ্ডিয়া লিমিটেড আৰু হিন্দুস্তান ইউনিলিভাৰ লিমিটেডে থলুৱা নিবনুৱাক নিয়োজিত কৰাৰ পৰা বিৰত থাকি বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ লগতে সামাজিক উন্নয়ণৰ বাবে এই প্ৰতিষ্ঠান কেইটাৰ স্থিতিক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ সংগঠনটোৰ ৷ অতি শীঘ্ৰেই বহুজাতিক প্ৰতিষ্ঠান কেইটাক এই বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় সদৌ মৰাণ ছাত্ৰ সন্থাই ৷ অন্যথা ইয়াৰ বিৰুদ্ধে গণ আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷

গণ আন্দোলনৰ হুংকাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details