অসম

assam

ETV Bharat / state

আৰক্ষীৰ গুলিত নিহত প্ৰশান্ত বৰাৰ পৰিয়ালে পোৱা নাই ক্ষতিপূৰণ

অসম আৰক্ষীয়ে গুলিয়াই হত্যা কৰা অৰুণাচল প্ৰদেশৰ প্ৰশান্ত বৰাৰ পৰিয়ালে আৰক্ষীৰ বিৰুদ্ধে ৰুজু কৰিছে এক গোচৰ ৷ অতি শীঘ্ৰে ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ নিদিলে আন্দোলনৰ হুংকাৰ প্ৰদান কৰে মৰাণ ছাত্ৰ সন্থাই ৷

By

Published : Nov 4, 2020, 7:07 PM IST

moran student union news
আৰক্ষীৰ গুলিত নিহত প্ৰশান্ত বৰাৰ পৰিয়ালে পোৱা নাই ক্ষতিপূৰণ

শদিয়া,4নৱেম্বৰ :১ নৱেম্বৰৰ নিশা অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ টেঙাপানীৰ নতুন গাঁৱৰ প্ৰশান্ত বৰা নামৰ ব্যক্তিজনক অসম আৰক্ষীয়ে নিজ গৃহতে গুলীয়াই হত্যা কৰাৰ পিছতেই সোচ্ছাৰ হৈ পৰিছে মৰাণ ছাত্ৰ সন্থা ৷ আৰক্ষীয়ে এইদৰে এজন নিৰিহ ব্যক্তিক হত্যা কৰাৰ ঘটনাক মৰাণ ছাত্ৰ সন্থা, ডিৰাক আঞ্চলিক সমিতিয়ে গৰিহণা দিয়াৰ লগতে হত্যাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ৷

আৰক্ষীৰ গুলিত নিহত প্ৰশান্ত বৰাৰ পৰিয়ালে পোৱা নাই ক্ষতিপূৰণ

ইয়াৰ সমান্তৰালভাৱে অতি শীঘ্ৰে প্ৰশান্ত বৰাৰ পৰিয়ালক চৰকাৰে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই সংগঠনটোৱে ৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷ ১নৱেম্বৰৰ ঘটনাৰ পিছতেই ২ নৱেম্বৰত প্ৰশান্ত বৰাৰ পৰিয়ালে স্থানীয় নামচাই আৰক্ষী থানাত হত্যাকাণ্ডত জড়িত আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানৰলৈকে নামচাই আৰক্ষীয়ে বিষয়টোক লৈ বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালটোৰ লোকসকলে ৷

অন্য এক খবৰৰ বাবে: নলবাৰীত পথ দুৰ্ঘটনাঃ আহত 3

ABOUT THE AUTHOR

...view details