অসম

assam

ETV Bharat / state

তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ সুৰা ভৰ্তি ট্ৰাক জব্দ

তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ সুৰা ভৰ্তি ট্ৰাক জব্দ ৷ ট্ৰাকখন বৈধ হয়নে অবৈধ হয় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

By

Published : Oct 17, 2020, 5:04 PM IST

Moran Student Union Last Night Sized Illigal wine
তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ সুৰা ভৰ্তি ট্ৰাক জব্দ

তিনিচুকীয়া, 17 অক্টোবৰ :অসমত অৰুণাচলী সুৰাৰ ব্যৱসায় চলি থকাৰ খবৰ বিভিন্ন সময়ত প্ৰকাশ হৈ থকাৰ মাজতেই তিনিচুকীয়া জিলাৰ কাকপথাৰত মৰাণ ছাত্ৰ সন্থাই এখন ট্ৰাক জব্দ কৰি আৰক্ষী তথা আবকাৰী বিভাগক চমজাই দিয়ে ৷ বিশেষ সূত্ৰৰ খবৰ অনুসৰি, মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিৰ কৰ্মকতাইAS 01 KC 1847 নম্বৰৰ ট্ৰাক খন নিশা ডিৰাক চাৰিআলিত ৰখাই চোৰাং গাড়ীৰ সন্দেহত আৰক্ষীক চমজাই দিয়ে ৷

ইতিমধ্যে, ঘটনাস্থলীত আবকাৰী বিভাগ উপস্থিত হৈ গাড়ীখন অৰুণাচল প্ৰদেশৰ সুৰা বুলি খাটাং কৰিছে যদিও চোৰাং গাড়ী হয় নে নহয় তাৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, তিনিচুকীয়া জিলাত বিশেষকৈ কাকপথাৰ, ডিৰাকত অৰুণাচলী সুৰাৰ এখন বৃহৎ বজাৰ গঢ় লৈ উঠিছে যদিও আবকাৰী বিভাগে যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইয়া নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

উল্লেখ্য যে, অৰুণাচলী সুৰাৰ বৃহৎ বজাৰ হৈ উঠাৰ পিচতো টকাৰ বিনিময়ত আবকাৰী বিভাগে এইদৰে দেখিও নেদেখাৰ ভাওঁ জুৰি অহা বুলি ৰাইজৰ মুখে মুখে চৰ্চা অব্যাহত আছে ৷

লগতে পঢ়ক :এছ আই কেলেংকাৰীৰ অভিযুক্ত দেৱৰাজ দাসক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details