অসম

assam

ETV Bharat / state

ডিগবৈত মৰাণ ছাত্র সন্থাৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা - খীলঞ্জীয়া জাতি- উপজাতি

29 অক্টোবৰৰ পৰা ডিগবৈৰ মুলীয়াবাৰীৰ বদৌচা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ একবিংশতিতম কেন্দ্ৰীয় অধিৱেশন ৷ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই অধিৱেশনৰ আজি অন্তিমটো দিন ৷ সামৰণি দিনটোত আৰম্ভণিতেই এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হয় ৷ সন্ধিয়াৰ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰ পাচতেই অধিৱেশনৰ সফল সামৰণি পৰিব ৷

ডিগবৈত মৰাণ ছাত্র সন্থাৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা
ডিগবৈত মৰাণ ছাত্র সন্থাৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা

By

Published : Nov 1, 2020, 7:13 PM IST

তিনিচুকীয়া , 1 নৱেম্বৰ :অসমৰ 70 টা জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ অংশগ্ৰহণৰে মৰাণ ছাত্ৰ সন্থাৰ বাৰেবৰণীয়া শোভাযাত্ৰাই উদুলি মুদুলি ডিগবৈৰ পদুলি ৷ বদৌচা সমন্বয় ক্ষেত্ৰত দেওবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ একবিংশতিতম কেন্দ্ৰীয় অধিৱেশনৰ অন্তিম দিন ৷ অন্তিম দিনাৰ মূল কাৰ্যসূচী অনুসৰি বৰ্ণিল বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মুখৰিত কৰি তোলে তৈলনগৰী ডিগবৈৰ ৰাজপথ ৷

ডিগবৈত মৰাণ ছাত্র সন্থাৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা

প্ৰায় তিনি কিল'মিটাৰ দৈৰ্ঘৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰা অসমৰ থলুৱা, খিলঞ্জীয়া জাতি- উপজাতি, জনজাতি-জনগোষ্ঠীৰ 70 টা সাংস্কৃতিক দল আৰু 10 টা ঐৰাৱতৰ অংশগ্ৰহণেৰে বাহিৰ কৰা শোভাযাত্ৰাই ডিগবৈ ৰিফাইনেৰী খেলপথাৰৰ পৰা চাৰিআলি বজাৰ হৈ ডিগবৈ মুলীয়াবাৰীস্থিত অধিৱেশনথলীলৈ মুঠ 6 কিল'মিটাৰ পথ অতিক্ৰম কৰে ৷

ডিগবৈত মৰাণ ছাত্র সন্থাৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা

এই বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ অন্তৰ্গত ডিগবৈ ইষ্টাৰ্ণ অইল ফিল্ডৰ প্ৰমুখ প্ৰশান্ত বৰকাকতিয়ে ৷ ইয়াৰ পাচতেই বদৌচা সমন্বয় ক্ষেত্ৰৰ বীৰাংগণা ৰাধা ৰুকুণী স্মৃতি মঞ্চত অনুষ্ঠিত হয় অধিৱেশনৰ অন্তিমখন মুকলি সভা আৰু বঁ‌টা বিতৰণী সভা ৷ সন্ধিয়াৰ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰ পাচতেই অধিৱেশনৰ সফল সামৰণি পৰিব ৷

লগতে পঢ়ক:ভাৰতীয় সেনালৈ 20 লাখ টকা দান কৰা কোন এইগৰাকী মহিলা ৰাজনীতিবিদ ?

ABOUT THE AUTHOR

...view details