অসম

assam

ETV Bharat / state

ডিৰাক চুমনি মথাউৰি শীঘ্ৰ মেৰামতিৰ দাবী মৰাণ ছাত্ৰ সন্থাৰ - ইটিভি ভাৰত

ডিৰাক চুমনি চিঙা বান্ধত মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে 50 কোটি টকা মোকলাই দিয়াৰ দাবী জনায় কেন্দ্ৰীয় চৰকাৰক

SUMONI DAMP

By

Published : May 4, 2019, 4:11 PM IST


শদিয়া , 4 মে': ডিৰাক চুমনি বান্ধৰ ভঙা অংশ পৰিদৰ্শন কৰে মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে ৷ বিগত 2 মে'ত তেঁওৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰি অতি সোনকালে পুৰণা চিগা মথাউৰিটোৰ মেৰামতিৰ লগতে মূল মথাউৰিটো অতি সোনকালে শক্তিশালী ভাবে নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ দিনৰ প্ৰায় 11 বজাত নেতাগৰাকীয়ে ন-দিহিং পানীৰ ভয়াবহতাৰ লগতে ভৱিষ্যতে মূল বান্ধটো ভাগিলে প্ৰভাৱ পৰিব পৰা অঞ্চলসমূহৰ ক্ষেত্ৰত ৰাইজক সচেতন হ'বৰ বাবে আহ্বান জনায় ৷

ডিৰাক চোমনি মথাউৰি শীঘ্ৰ মেৰামতিৰ দাবী মৰাণ ছাত্ৰ সন্থাৰ

লগতে পঢ়ক : অৰুণাচলত গাঞ্জাসহ আটক অসমৰ যুৱক

ইয়াৰোপৰি অসমৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈও কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ৷ ডিৰাক চুমনি বান্ধৰ বাবে কেন্দ্ৰীয় চৰকাৰক 50 কোটি টকা মোকলাই দিবলৈও দাবী উত্থাপন কৰে ছাত্ৰ নেতাগৰাকীয়ে ৷ বিগত সময়চোৱাত চৰকাৰে মোকলাই দিয়া ধন সমূহ সৎ ব্যৱহাৰ নকৰাৰ বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱিষ্যতে আহিবলগীয়া ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত মৰাণ ছাত্ৰ সন্থাই চকু ৰাখিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি উক্ত মথাউৰিটো পুনৰ নিৰ্মাণৰ বাবে স্মাৰকপত্ৰ দিয়া হ'ব বুলি নেতা গৰাকীয়ে জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details