তিনিচুকীয়া, 10 আগষ্ট: কৰ্দৈগুৰিৰ 24 টাকৈ বানাক্ৰান্ত পৰিয়ালৰ সংস্থাপন কেতিয়া ? 11 টাকৈ দিন অতিক্ৰম কৰাৰ পিছতো ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰচণ্ড গৰমত আশ্ৰয় শিবিৰ পাতি থাকিবলগীয়া হৈছে কেইবাটাও বানাক্ৰান্ত পৰিয়াল(Rehabilitation of flood victims) ।
জিলাখনত অব্যাহত আছে কৰ্দৈগুৰিৰ বান বিধ্বস্ত 24 টা পৰিয়ালৰ সংস্থাপনৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী (Mundan Programme)৷ বৃহস্পতিবাৰে ডুমডুমাত ভূমিহীন পৰিয়ালক অতিশীঘ্ৰে সংস্থাপন দিয়াৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাই ৰূপায়ণ কৰে মুণ্ডন কাৰ্যসূচী (Moran Student Association protest against of Rehabilitation of Kordoiguri flood victims)৷
কৰ্দৈগুৰিৰ 24 টাকৈ বানাক্ৰান্ত পৰিয়ালৰ সংস্থাপনৰ দাবীত মুণ্ডন কাৰ্যসূচী সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীসকলে কয়, "নিজৰ ভূমিত, নিজৰ চোতালত, নিজৰ ঘৰত, নিজৰ পানীত যেতিয়া অধিকাৰ নাথাকে, নিজৰ জীৱন সুনিশ্চিত নহ’ব তেনেকুৱা এখন ৰাজ্যত বসবাস কৰাটো অতি দুৰ্ভাগ্যজনক ৷ অনতি পলমে দুৰ্ভগীয়া পৰিয়াল কেইটাৰ সংস্থাপনৰ দাবী জনাইছো ৷ অসম চৰকাৰ আজিৰ তাৰিখত এশ শতাংশই ব্যৰ্থ ৷ জাতি, মাটি, ভেটিৰ শ্ল'গান আজিৰ সময়ত কেৱল শ্ল'গানতে সীমাবদ্ধ ( protest against of Rehabilitation of Kordoiguri flood victims)। "
উল্লেখ্য যে, 1992 চনৰ পৰাই বান-গৰাখহনীয়াৰ কৱলত পৰি আশ্ৰয়হীন হোৱা প্ৰায় 600 তকৈও অধিক পৰিয়ালে অঘৰীৰ দৰে জীৱন-যাপন কৰি আহিছে । কিন্তু শেহতীয়াকৈ কৰ্দৈগুৰিৰ 24 টা পৰিয়ালক চৰকাৰে সংস্থাপনৰ বাবে 1 বিঘাকৈ ভূমি আৱণ্টন দিছিল যদিও সেই ভূমিৰ পৰা ৰূপক দত্ত নামৰ এজন লোকে অতি অমানৱীয়ভাৱে খেদি পঠিয়াইছিল । যাৰ ফলশ্ৰুতিত উপায়ন্তৰ হৈ বিগত 31 জুলাইৰ পৰা ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাঙ্গনত আশ্ৰয় শিবিৰ পাতি থাকিব লগা হৈছে ।
ডুমডুমাৰ বিতৰ্কিত চাহ ব্যৱসায়ী ৰূপক দত্তক 7 আগষ্টত গ্ৰেপ্তাৰ কৰে তিনিচুকীয়া আৰক্ষীয়ে ৷ ফিল’বাৰীৰ টেঙানি সোণজানত বিতৰ্কিত চাহ ব্যৱসায়ীগৰাকীৰ অবৈধ চাহ বাগান উচ্ছেদ কৰি প্ৰশাসনে কৰ্দৈগুৰিৰ বান-খহনীয়াত সৰ্বস্বান্ত হোৱা ২৪টা পৰিয়ালক সংস্থাপিত কৰিছিল যদিও সেই স্থানৰ পৰা ৰূপক দত্তই খেদি পঠিওৱাৰ পিছতে ফিল’বাৰী আৰু ডুমডুমা থানাত ৰূপক দত্তৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৷ এই গোচৰৰ ভিত্তিতেই ৰূপক দত্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে(Tinsukia police arrested Rupak Dutta) ।
লগতে পঢ়ক:Rehabilitation of flood victims: কৰ্দৈগুৰিৰ 24 টাকৈ বানাক্ৰান্ত পৰিয়ালৰ সংস্থাপন কেতিয়া ?