শদিয়া,২৮ ছেপ্টেম্বৰ :বানপানী (flood) আৰু গৰাখহনীয়াই (Erosion) তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰিৰ বিস্তৃত অঞ্চলত জনসাধাৰণৰ জীৱন ধাৰণ বিপন্ন কৰি পেলাইছে । ১৯৯২ চনত এই অঞ্চলত অহা প্ৰলয়ংকাৰী বানে অঞ্চলটোৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে তেতিয়াৰে পৰা ব্ৰহ্মপুত্ৰৰ অনন্ত-নলাৰ প্ৰৱল সোঁতত প্ৰতি বছৰে অঞ্চলটোত ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হৈ আছে । গৰাখহনীয়াৰ ফলত বৰ্তমানলৈকে অঞ্চলটোৰ ২০ খনতকৈও অধিক গাঁও নিচিহ্ন হৈ গৈছে ।
বৰ্তমান কৰ্দৈগুৰিৰ বিষ্ণুপুৰ, তামুলি, গৰীয়াটিং আদি গাঁৱত গৰাখহনীয়াই ভয়ংকৰ ৰূপ লৈ শতাধিক পৰিয়ালৰ ঘৰ-ভেটি নাইকীয়া কৰি পেলাইছে । প্ৰতি বছৰে দেখা দিয়া এই গুৰুত্বৰ সমস্যাৰ প্ৰতি কিন্তু চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই আজিলৈ কোনো ধৰণৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । যাৰ বাবে সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ জনগোষ্ঠীৰ ৬ টাকৈ সংগঠনে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।