অসম

assam

ETV Bharat / state

আৰম্ভ হ’ল মৰাণ জনগোষ্ঠীৰ বিহু

পৰম্পৰা অনুসৰি ভুমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে বহাগৰ প্ৰথমটো বুধবাৰে পালন কৰে গৰু বিহু ৷ ৰাজ্য়ৰ অইন প্ৰান্তৰ লগতে তিনিচুকীয়াৰ ৰাইডাং গাঁ‌ৱতো মৰাণ লোক সকলে ধুম-ধামেৰে পালন কৰে গৰু বিহু ৷

By

Published : Apr 21, 2021, 9:30 PM IST

আৰম্ভ হ’ল মৰাণ জনগোষ্ঠীৰ বিহু
আৰম্ভ হ’ল মৰাণ জনগোষ্ঠীৰ বিহু

তিনিচুকীয়া, 21 এপ্ৰিল : বহাগৰ প্ৰথমটো বুধবাৰে পৰম্পৰা অনুসৰি ভুমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে পালন কৰে গৰু বিহু ৷ বুধবাৰৰ দিনটোত পুৱাৰ পৰাই গৰু বিহুৰ উপলক্ষে মৰাণ সকলৰ মাজত এক উখলমাখল পৰিৱেশে বিৰাজ কৰা দেখা গ’ল। পুৱাই গোঁহালীৰ গৰু উলিয়াই আনি পুখুৰীত গা ধুৱাই আনন্দত মতলীয়া হৈ পৰিল জনগোষ্ঠীটোৰ লোকসকল। মাহ হালধিৰে নোৱাই ধুৱাই, দীঘলতি, মাখিয়তিৰে গো-ধনৰ গাত কোবাই গো-ধনৰ শ্ৰীবৃদ্ধি কামনা কৰি ৰাইজে গালে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। একেই দৃশ্য় দেখা গ’ল তিনিচুকীয়া জিলাৰ ৰাইডাং গাঁ‌ৱৰ ৰাইজৰ মাজতো । মৰাণ সকলৰ গৰু বিহুৰ দিনা ৰাইডাং গাঁ‌ৱত দেখা গ'ল এক উখলমাখল পৰিৱেশ । কেৱল গৰুৱেই নহয় গা-ধুৱাবলৈ লৈ অনা হ’ল গজৰাজকো ৷ উল্লেখযোগ্য যে, মৰাণ জনগোষ্ঠীৰ জাতীয় প্ৰতীক হৈছে হাতী ,সেইবাবেই বিহুৰ দিনটোত গৰুৰ লগতে হাতীকো একেলগে গা-ধুৱাই আনন্দত মতলীয়া হৈ পৰিল জনগোষ্ঠীয় ৰাইজ ৷

আৰম্ভ হ’ল মৰাণ জনগোষ্ঠীৰ বিহু

ABOUT THE AUTHOR

...view details