ডুমডুমা, 12 জুনঃ ভুৱা সাংবাদিকৰ পৰিচয়েৰে ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী যুৱকৰ বিৰুদ্ধে ৷ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ সভানেত্ৰীক ধন দাবী কৰিছিল যুৱকজনে ৷ কিন্তু সাংবাদিকৰ নামত ধন দাবী কৰিবলৈ আহোতেই ৰাইজৰ হাতত ধৰা পৰে অভিযুক্ত যুৱকজন ৷
ভুৱা সংবাদিকৰ নামেৰে ধন দাবী কৰা যুৱক আটক - বুঢ়ী দিহিং গাঁও পঞ্চায়ত
গাঁও পঞ্চায়তৰ সভানেত্ৰীক দুৰ্নীতিৰ বাতৰি প্ৰচাৰ নকৰাৰ নামত ধন দাবী কৰা যুৱকক আটক আৰক্ষীৰ ৷ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ সভানেত্ৰীক ধন দাবী কৰিছিল যুৱকজনে ৷

উল্লেখ্য যে, বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ বিৰুদ্ধে ভিন্ন সময়ত সংবাদ মাধ্যমযোগে দুৰ্নীতিৰ বাতৰি প্ৰচাৰ হৈ আহিছিল ৷ তাৰেই সুযোগ গ্ৰহণ কৰি ঋতুৰাজ চুতীয়া নামৰ যুৱকজনে নিজকে সাংবাদিক হিচাপে পৰিচয় দি, পঞ্চায়তত চলি থকা দুৰ্নীতিৰ বাতৰি প্ৰচাৰ নকৰাৰ নামত সভানেত্ৰী সোণমাই মৰাণৰ পৰা প্ৰথমে দাবী কৰে ৫০ হাজাৰ টকা ৷ কিন্তু পৰৱৰ্তী সময়ত ৩০ হাজাৰ টকাত মান্তি হৈছিল অভিযুক্ত ঋতুৰাজ চুতীয়া ৷ বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে ইতিমধ্যেই বৰডুমচা আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ ৷ সভানেত্ৰী গৰাকীৰ এজাহাৰৰ ভিত্তিত সাংবাদিকৰ নামত ধন দাবী কৰা ঋতুৰাজ চুতীয়াক আটক কৰে আৰক্ষীয়ে ৷
লগতে পঢ়কঃ২০২০-২১ শিক্ষাবৰ্ষৰ সকলো নামভৰ্তি হ'ব অনলাইন প্ৰক্ৰিয়াত