তিনিচুকীয়া, 9 মে': ডিগবৈত প্ৰশাসনৰ নীৰৱতাৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিনীয়া লক্ ডাউনৰ সময়ছোৱাত, ৰেড জ'নৰ পৰা মাছ, শাক-পাচলি আদি বিক্ৰী কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে । আনহাতে ডিগবৈত এচাম লোকে গুটখা, চিখৰ, চিগাৰেটৰ ক'লা বজাৰ চলাই বুলিও অভিযোগ উত্থাপন কৰিছে একাংশ লোকে ।
ডিগবৈত একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ বিধায়ক - অবৈধ ব্যৱসায়ী
ৰেড জ'নৰ পৰা অহা সামগ্ৰীৰ ওপৰত কঠোৰ ডিগবৈৰ বিধায়ক । অবৈধ ব্যৱসায়ীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো নিৰ্দেশ আৰক্ষী প্ৰশাসনক ।
![ডিগবৈত একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ বিধায়ক mla suren phukan strict against the imported goods from red zone in digboi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7129553-thumbnail-3x2-kk.jpg)
mla suren phukan strict against the imported goods from red zone in digboi
ডিগবৈত একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ বিধায়ক
শনিবাৰে ডিগবৈৰ বিধায়ক সুৰেন ফুকনে অবৈধভাৱে বহা বজাৰ সমূহত অভিযান চলাই কঠোৰ হোৱা পৰিলক্ষিত হয় । লগতে ৰেড জ'নৰ পৰা অহা শাক- পাচলি, মাছ-মাংস বিক্ৰী নকৰিবলৈ ব্যৱসায়ী সকলক সকিয়াই দিয়ে । আৰক্ষী প্ৰশাসনকো অবৈধ ব্যৱসায়ী সকলৰ বিৰুদ্ধে কঠোৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰে বিধায়ক গৰাকীয়ে ।
লগতে পঢ়ক :বটদ্ৰৱাত কৃষক সন্মান নিধিৰ নামত লক্ষাধিক টকা আত্মসাৎ