তিনিচুকীয়া, 28 ছেপ্টেম্বৰ : আমাৰ ভেঁটি-মাটিৰ ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা দেশ মাতৃৰ সেৱক শ্বহীদ সকলৰ স্মৃতিত দেশৰ ৰাজধানীত ‘অমৃত বাটিকা’ উদ্যান ৷ সেয়ে দেশৰ প্ৰতিঘৰ পৰিয়ালৰ পৰা এমুঠি মাটি অমৃত কলহৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে ৷
সেইস্বৰূপে বৃহস্পতিবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বুঢ়ীদিহিং গাঁও পঞ্চায়তত অমৃত কলহত মাটি সংগ্ৰহৰ কাৰ্য অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত গায়ন বায়ন দলৰ লগতে বৃহৎ সংখ্যক ৰাইজৰ উপস্থিতিত ডিগবৈৰ বিধায়ক সুৰেণ ফুকনে অংশগ্ৰহণ কৰে ৷ বিধায়ক সুৰেণ ফুকনে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি ঘৰে ঘৰে মাটি সংগ্ৰহ কৰে ৰাইজৰ লগত ৷
আজিৰ কাৰ্য্যসূচীত বিধায়ক সুৰেণ ফুকনৰ সৈতে বুঢ়ীদিহিং পঞ্চায়তৰ সভানেত্ৰী সোণমাই মৰাণ, জিলা পৰিষদৰ সদস্যা ভানু সোণোৱাল, ৰশ্মি ৰেখা দহোটীয়া, পানীখোৱা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুনু হালৈ, বৰবিল গাঁও পঞ্চায়তৰ সভানেত্ৰী তৃষ্ণা বৈৰাগী ফুকন, হাপজান সদৰ মণ্ডলৰ সাধাৰণ সম্পাদক ধীৰাজ গগৈ, হাপজান সদৰ মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী নিৰু মৰাণ, সম্পাদিকা স্মৃতি দাসৰ লগতে বৃহৎ সংখ্যক ভকত, আইমাতৃ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷