ডুমডুমা, 9 ডিচেম্বৰ : ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাকুম গংগাবাৰীত নতুনকৈ নিৰ্মান কাৰ্য সম্পূৰ্ণ হোৱা "৩৩/১১ কে. ভি. গংগাবাৰী বিদ্যুৎ বিতৰণ কেন্দ্ৰ" ৰ বুধবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা কৰা হ'য় । অসম শক্তি বিতৰণ কোম্পানীৰ এ.ডি.বি. ট্ৰেন্স-৪ যোজনাৰ অধীনত "৩৩/১১কে ভি গংগাবাৰী বিদ্যুৎ বিতৰণ কেন্দ্ৰ"ৰ উদ্বোধন কৰে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে ।
মাকুমত বিদ্যুৎ বিতৰণ কেন্দ্ৰ উদ্বোধন কৰে বিধায়ক সুৰেন ফুকনে - উদ্বোধন কৰে বিধায়ক সুৰেন ফুকনে
গংগাবাৰী বিদ্যুৎ বিতৰণ কেন্দ্ৰ" ৰ বুধবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা কৰা হয় । উদ্বোধন কৰে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে ।
![মাকুমত বিদ্যুৎ বিতৰণ কেন্দ্ৰ উদ্বোধন কৰে বিধায়ক সুৰেন ফুকনে mla-suran-phukan-inaugurated-the-power-distribution-station-at-makum](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9818981-thumbnail-3x2-digboi.jpg)
মাকুমত বিদ্যুৎ বিতৰণ কেন্দ্ৰ উদ্বোধন কৰে বিধায়ক সুৰেন ফুকনে
আনহাতে, গংগাবাৰীত নিৰ্মাণ হোৱা এই বিদ্যুৎ বিতৰণ কেন্দ্ৰটোৰ ফলত বৃহত্বৰ গংগাবাৰী অঞ্চলৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী গ্ৰামাঞ্চল আৰু চাহ বাগিছা অঞ্চলৰ লোকসকল বিশেষভাৱে উপকৃত হ'ব বুলি আশা কৰা হৈছে । উদ্বোধনী অনুষ্ঠানত অসম শক্তি বিতৰণ বিভাগৰ কেইবাজনো বিষয়ববীয়াৰ লগতে অঞ্চলটোৰ বহুসংখ্যক লোক উপস্থিত থাকে ।
Last Updated : Jun 28, 2022, 11:48 AM IST