ডুমডুমা, 24 মাৰ্চ : সমগ্ৰ বিশ্বৰ লগতে দেশত মহামাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছ (ক'ভিড-১৯)ৰ ভয়াৱহ বিভীষিকাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অসমৰ চাহ বাগিছা ৪৮ ঘন্টাৰ বাবে বন্ধ ঘোষণা কৰিছে অসম চাহ জনজাতি ছাত্র সন্থা চমুকৈ আটছাই ।
বন্ধৰ সময়চোৱাত চাহ শ্ৰমিকক সম্পূৰ্ণ মজুৰি প্ৰদানৰ দাবী !
সোমবাৰে পুৱা ৫ বজাৰ পৰা অসমৰ সকলো চাহ বাগিছা ৪৮ ঘণ্টাৰ বাবে বন্ধ ঘোষণা কৰাৰ কথা এক প্ৰেছ বিবৃতিৰ জৰিয়তে জনাইছে আটছাই। এই বন্ধ সময়চোৱাত শ্ৰমিকক সম্পূৰ্ণ মজুৰি প্ৰদানৰ দাবী ৷
mla durga bhumij urged for labor's food
সোমবাৰে পুৱা ৫ বজাৰ পৰা অসমৰ সকলো চাহ বাগিছা ৪৮ ঘণ্টাৰ বাবে বন্ধ ঘোষণা কৰাৰ কথা এক প্ৰেছ বিবৃতিৰ জৰিয়তে জনাইছে আটছাই। বন্ধৰ সময়ছোৱাত Industrial dispute act ৰ অধীনত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কৰিবলগা নিৰ্দেশনা অনুযায়ী বন্ধৰ দিন সমূহত সম্পূৰ্ণ মজুৰীৰ লগতে ৰেচন প্ৰদান কৰিবলৈ চৰকাৰ তথা বাগিচাৰ মালিক পক্ষক দাবী জনায় আটছাৰ লগতে বিধায়ক দুৰ্গা ভূমিজে ।