ডুমডুমা, 16 মে': ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজে বৃহস্পতিবাৰে ডুমডুমা প্ৰেছ ক্লাবত এক সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি মিত্ৰজোঁট চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁ অসম চৰকাৰে ২০১৭-১৮ বৰ্ষৰ বাজেটত সন্নিবিষ্ট কৰা ডুমডুমাত এখন মহাবিদ্যালয়ৰ কাম বৰ্তমান পৰ্যন্ত আৰম্ভ নোহোৱাটো অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে । ইয়াৰ উপৰি তিনিমাহ পূৰ্বে আৰম্ভ কৰা ডিৰাক মডেল কলেজৰো প্ৰাৰম্ভিক কাম বৰ্তমানলৈ আৰম্ভ নোহোৱাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে ।
চৰকাৰৰ ভূমিকাত ক্ষোভিত বিধায়ক দুৰ্গা ভূমিজ - Durga Bhumij
সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ২০১৭-১৮ বৰ্ষৰ বাজেটত সন্নিবিষ্ট কৰা ডুমডুমাৰ এখন মহাবিদ্যালয়ৰ কাম বৰ্তমান পৰ্যন্ত আৰম্ভ নোহোৱাটো অতি দূৰ্ভাগ্যজনক আখ্যা বিধায়ক দুৰ্গা ভূমিজৰ ।
চৰকাৰৰ ভূমিকাত ক্ষোভিত বিধায়ক দুৰ্গা ভূমিজ
সংবাদমেলত বিধায়জনে ৩নং কৰদৈগুৰি অঞ্চলত গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰা পাচতো চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে ৷ তেওঁ চাহ শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰ লগতে ডুমডুমা টাউন ফিল্ডত আৰম্ভ হ'বলগীয়া ১০ কোটি টকাৰ উত্তৰণ আঁচনিৰ কাম এতিয়ালৈ আৰম্ভ নোহোৱাত চৰকাৰৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ তদুপৰি শেহতীয়াকৈ কাল ধুমুহাই ডুমডুমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে দুজনকৈ লোকৰ প্ৰাণহানি হোৱাৰ পাছতো চৰকাৰৰ ফালৰ পৰা ত্ৰিপাল এখনো নিদিয়াৰ অভিযোগ কৰে ৷