অসম

assam

শদিয়াৰ বিধায়ক বলিন চেতিয়া "পজিটিভ"

By

Published : Jul 11, 2020, 9:08 AM IST

যোৱা দুদিন ধৰি সামান্যভাবে জ্বৰত আক্ৰান্ত হোৱা বাবে মই নিজেই স্বাস্থ্য পৰীক্ষা কৰাও । পৰীক্ষাত কোভিড ১৯ ৰ সংক্ৰমণ ধৰা পৰে আৰু শুকুৰবাৰে মই তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি হও ৷

mla bolin chetia tested covid19 positive
শদিয়াৰ বিধায়ক বলিন চেতিয়া "পজিটিভ"

গুৱাহাটী, ১১ জুলাইঃ ৰাজ্যত কৰ'ণাৰ চিকাৰ হ'ল তৃতীয়গৰাকী বিধায়ক । ইতিমধ্যে বিজেপিৰ দুই বিধায়ক কৃষ্ণেন্দু পাল আৰু নাৰায়ণ ডেকা কোভিড ১৯ ত আক্ৰান্ত হোৱাৰ পিছত এইবাৰ কোভিডে দংশন কৰিছে শদিয়া সমষ্টিৰ বিজেপি বিধায়ক বলিন চেতিয়াক । শণিবাৰে পুৱা বিধায়ক চেতিয়াই ই টিভি ভাৰতৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত নিজেই এই কথা সদৰি কৰিছে ।

সম্প্ৰতি তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বিধায়কগৰাকীক । বিধায়ক চেতিয়াই কয় - "যোৱা দুদিন ধৰি সামান্যভাবে জ্বৰত আক্ৰান্ত হোৱা বাবে মই নিজেই স্বাস্থ্য পৰীক্ষা কৰাও । পৰীক্ষাত কোভিড ১৯ ৰ সংক্ৰমণ ধৰা পৰে আৰু শুকুৰবাৰে মই তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি হও ৷"

উল্লেখযোগ্য যে, ৰাজ্যজুৰি এতিয়া কোভিডৰ সংক্ৰমণ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে । সাধাৰণ জনতাৰ লগতে তিনিজনকৈ জনপ্ৰতিনিধিৰ উপৰিও মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এন এছ জিৰ জোৱান, মন্ত্ৰী অতুল বৰা আৰু ৰঞ্জিৎ দত্তৰ দেহৰক্ষী, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ গাড়ীচালক, দেহৰক্ষী আৰু ব্যক্তিগত সহায়কো ইতিমধ্যে কোভিডত আক্ৰান্ত হৈছে ।

ABOUT THE AUTHOR

...view details