অসম

assam

ETV Bharat / state

বাহনত 'Press'লিখি দলিল বিক্ৰীৰ বেহা - vehicle with press logo

'Press' বুলি লিখা থকা সকলো বাহন প্ৰকৃততে সংবাদ মাধ্যমৰ কামতে ব্যৱহাৰ কৰি থকা হৈছে নে ? সংবাদ প্ৰতিষ্ঠানৰ পৰা লাভ কৰা পৰিচয় পত্ৰ দেখুৱাই একাংশ লোকে নিজৰ ব্যক্তিগত ব্যৱসায় চলাইছে নেকি ? তিনিচুকীয়াত পোহৰলৈ অহা এটা ঘটনাক লৈ এতিয়া এই প্ৰশ্নবোৰ উত্থাপন হৈছে ।

Missuse of Press card in Tinsukia
বাহনত 'Press'লিখি দলিল বিক্ৰীৰ বেহা

By

Published : Aug 4, 2021, 3:08 PM IST

তিনিচুকীয়া, ৪ আগষ্ট: তিনিচুকীয়াত চাৰিচকীয়া বাহনত 'Press' বুলি লিখি একাংশ ব্যক্তিয়ে চলাইছে নিজৰ ব্যৱসায় । বুধবাৰে তিনিচুকীয়া জিলা আৰু সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ৰ সন্মুখতে এনে এক ঘটনা পোহৰলৈ আহিছে । জানিব পৰা মতে, AS-23 AA-7130 নম্বৰৰ এখন 'Wagon R' বাহনত Press লিখি টিংকু দে নামৰ এজন ব্যক্তিয়ে দলিল বিক্ৰী কৰি আছিল । UC News নামৰ সংবাদ প্ৰতিষ্ঠানৰ পৰা লাভ কৰা পৰিচয় পত্ৰ লৈ দীৰ্ঘদিন ধৰি এনেদৰে দলিল বিক্ৰী কৰি আহিছে টিংকুৱে ।

এখন গাড়ীত 'press' লিখি কিয় আৰু কোনে টিংকু দেক দলিল বিক্ৰী কৰিবলৈ অনুমতি প্ৰদান কৰিলে বুলি এতিয়া সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে । বুধবাৰে তিনিচুকীয়া জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ সন্মুখত সাংবাদিক উপস্থিত হৈ টিংকু দেক প্ৰশ্ন কৰাত তেওঁ কয় যে, UC Newsৰ স্বত্বাধিকাৰী বাবুল পুৰুকায়স্থই তেওঁক প্ৰগ্ৰাম ক'অৰ্ডিনেটৰ হিচাপে নিযুক্তি দিছিল । কিন্তু বৰ্তমান তেওঁ নিজৰ দায়িত্ব পালন নকৰি বাহনত press লিখি তিনিচুকীয়াৰ বিভিন্ন স্থানত দলিল বিক্ৰী কৰি আছে । অৱশেষত তেওঁৰ এই কাণ্ড পোহৰলৈ আহে ।

বাহনত 'Press'লিখি দলিল বিক্ৰীৰ বেহা

এই সন্দৰ্ভত টিংকু দে নামৰ লোকজনে কয় যে, ক'ভিডৰ বাবে বৰ্তমান আদালতৰ ভিতৰত মানুহৰ প্ৰৱেশৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে । সেয়ে, তেওঁ আদালত চৌহদৰ বাহিৰত এনেদৰে দলিল বিক্ৰী কৰিছে ।

ইফালে, বৰষুণ ৰ'দ আদিৰ পৰা ৰক্ষা পৰিবলৈহে তেওঁ নিজৰ বাহনখনৰ ভিতৰত বহি কাম কৰিছে বুলি দায় সৰা মন্তব্য কৰে । কিন্তু UC Newsত কৰ্মৰত এই লোকজনে নিজৰ বাহনত 'Press' ৰ ষ্টিকাৰ লগাই এনেদৰে দলিল বিক্ৰী কৰাক লৈহে সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে । তেওঁৰ এই কামে সংবাদকৰ্মীৰ পৰিচয় পত্ৰৰ সঠিক ব্যৱহাৰ হৈছে নে নাই তাক লৈও নানা প্ৰশ্নৰ অৱতাৰণা হৈছে ।

লগতে পঢ়ক:ভুৱা আধাৰ কাৰ্ড বনাই চাৰিজন আৰক্ষীৰ জালত

ABOUT THE AUTHOR

...view details