অসম

assam

ETV Bharat / state

মাকুমত উদ্ধাৰ চাৰি নিৰুদ্দিষ্ট ছাত্ৰ

বিদ্যালয়লৈ যোৱাৰ পথত নিৰুদ্দিষ্ট হৈছিল তিনিচুকীয়া ফিল'বাৰীৰ চাৰিজন ছাত্ৰ ৷

By

Published : May 7, 2019, 12:53 AM IST

মাকুমত উদ্ধাৰ চাৰি নিৰুদ্দিষ্ট ছাত্ৰ

ডুমডুমা, 6 মে' : তিনিচুকীয়াৰ চাৰি নিৰুদ্দিষ্ট ছাত্ৰক উদ্ধাৰ ৷ তিনিচুকীয়া আৰক্ষীৰ অভিযানত মাকুমত উদ্ধাৰ হয় ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰা চাৰিজনকৈ ছাত্ৰ ৷ তিনিচুকীয়া ফিল'বাৰীৰ পৰা বিদ্যালয়লৈ যোৱাৰ পথত নিৰুদ্দেশ হৈছিল বৰগাঁও, বিষ্ণুপুৰ আৰু বিজুলীবন গাঁৱৰ জীৱন খনাল, বিষ্ণু কটেল, নন্দলাল আৰু ওমবাহাদুৰ নামৰ লোককেইজনৰ পুত্ৰ ৷ সপ্তম আৰু অষ্টম শ্ৰেণীত অধ্যয়নৰত এই চাৰিজন ছাত্ৰ ৷

মাকুমত উদ্ধাৰ চাৰি নিৰুদ্দিষ্ট ছাত্ৰ

বিদ্যালয় ছুটীৰ পৰলৈকে ছাত্ৰকেইজন নিজ ঘৰলৈ উভতি নহাত আৰক্ষীৰ কাষ চাপিছিল অভিভাৱক ৷ অৱশেষত পৰিয়ালৰ লোকে ফিল'বাৰী আৰক্ষীৰ ওচৰত দাখিল কৰা এক এজাহাৰৰ ভিত্তিতেই ফিল'বাৰী আৰক্ষী থানাৰ উপ আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে মাকুমৰ পৰা উদ্ধাৰ কৰে ছাত্ৰ চাৰিজনক ৷

মাকুমত উদ্ধাৰ চাৰি নিৰুদ্দিষ্ট ছাত্ৰ

ABOUT THE AUTHOR

...view details