অসম

assam

ETV Bharat / state

মনসা পূজা চাবলৈ আহি ধৰ্ষণৰ বলি কিশোৰী! - মাৰ্ঘেৰিটাৰ মাকুমকিল্লা

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত নিশা সংঘটিত এই ধৰ্ষণৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে ৷

মনষাপূজা চাবলৈ আহি ধৰ্ষণৰ বলি কিশোৰী!

By

Published : Sep 5, 2019, 12:24 PM IST

মাৰ্ঘেৰিটা, 5 চেপ্তেম্বৰঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত এগৰাকী 12 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ মাকুমকিল্লা টেঙাপথাৰ নিবাসী উত্তম কেঁৱৰে নিশা প্ৰায় 12.30 বজাত আন্ধাৰ সুযোগ লৈ কিশোৰী গৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

মনষাপূজা চাবলৈ আহি ধৰ্ষণৰ বলি কিশোৰী!

ষষ্ঠ মান শ্ৰেণীত পঢ়া কিশোৰী গৰাকীয়ে চিঞৰ বাখৰ কৰাত কিশোৰী গৰাকীৰ পৰিয়াল তথা স্থানীয় ৰাইজে উদ্ধাৰ কৰে কিশোৰী গৰাকীক ৷ কিন্তু ঘটনাস্থলীৰ পৰা অভিযুক্ত উত্তম কোঁ‌ৱৰে পলায়ন কৰিবলৈ সক্ষম হয় যদিও বুধবাৰে স্থানীয় গাঁওৰক্ষী বাহিনীৰ দলে অভিযুক্ত জনক আটক কৰি মাৰ্ঘেৰিটা আৰক্ষীক চমজাই দিয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ কৰাৰ লগতে মাৰ্ঘেৰিটা আৰক্ষী থানাত 251/19 নং গোচৰ পঞ্জীয়ন কৰি উত্তম কোঁ‌ৱৰক জেৰা অব্যাহত ৰাখিছে ৷ ইপিনে মনষা পূজা চাবলৈ আহি কিশোৰী ধৰ্ষণৰ বলি হ’ব লগা হোৱা ঘটনাই সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাইজে দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন হৈছে ৷

ABOUT THE AUTHOR

...view details