তিনিচুকীয়া, 3 আগষ্ট:তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা লেখাপানী কথা গাঁৱৰ বনাঞ্চলত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মৃতদেহ ৷ শনিবাৰে অৰ্ধগলিত অৱস্থাত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনা অনুসৰি 24 আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছিল কিশোৰীগৰাকী ৷ এয়া আত্মহত্যা নে ধৰ্ষণ কৰি হত্যা কৰা হ’ল সেয়া তদন্তৰ পাচতহে পোহৰলৈ আহিব ৷
ঘটনা অনুসৰি কিশোৰী গৰাকীৰ নিৰুদ্দেশৰ দিনাই কিশোৰী গৰাকীৰ অভিভাৱকে আৰক্ষীক অৱগত কৰিছিল ৷ কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত একো পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে ৷ প্ৰায় 8 দিন ওকলি যোৱাৰ পাচত শনিবাৰে বিয়লি লেখাপানী কথা গাঁওৰ বনাঞ্চলত চিপ লৈ থকা কিশোৰী গৰাকীৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে ৷ স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া আৰু লেখাপানী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে ৷