তিনিচুকীয়া, 29 আগষ্ট : ৰাজ্যত অব্যাহত আছে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Anti drug operation in Assam)। প্ৰতিদিনে আৰক্ষীয়ে আটক কৰিছে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ীৰ লগতে বহু সেৱনকাৰীক । ইয়াৰ মাজতে তিনিচুকীয়া জিলাৰ পেঙেৰীত সংঘটিত হয় এক অঘটন ৷
পেঙেৰীত ড্ৰাগছৰ প্ৰতি আসক্ত হৈ শনিবাৰে এজন যুৱকৰ মৃত্যু হয় ৷ নিহত যুৱকজন পেঙেৰীৰ জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে ৷ ছাত্ৰগৰাকীৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে সমগ্ৰ পেঙেৰী অঞ্চল (Tense situation in Tinsukia) ।
আনকি সোমবাৰে পেঙেৰী অঞ্চলৰ শতাধিক ৰাইজে পেঙেৰী পেট্ৰ’ল ডিপুৰ পৰা পদযাত্ৰা কৰি পেঙেৰী থানা ঘেৰা কৰে ৷
উল্লেখ্য যে, প্ৰতিবাদকাৰী ৰাইজে মাৰাত্মক নিচাযুক্ত দ্ৰব্য যেনে ড্ৰাগছ, কানি, সুৰা ইত্যাদি উৎখাত কৰাৰ বাবে পূৰ্বৰে পৰাই আৰক্ষী প্ৰশাসনক দাবী জনাই আহিছিল ৷ কিন্তু আজি পৰ্যন্ত নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বন্ধ নহ’ল উক্ত অঞ্চলটোত । যাৰ পৰিণতিত বিগত শনিবাৰে নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীৰ মৃত্যু হয় (Minor boy dies of drug injection in Tinsukia ) । এই অভিযোগ প্ৰতিবাদকাৰী ৰাইজৰ ৷