অসম

assam

ETV Bharat / state

কৃষি কৰ্মৰ কাষ চাপিছে মন্ত্ৰী সঞ্জয় কিষাণ

তিনিচুকীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত লাইপুলি গাওঁ পঞ্চায়তৰ মৰাণকাৰী গাঁৱৰ খেতি পথাৰত ২০০ বিঘা মাটিত মন্ত্ৰীগৰাকীয়ে পথাৰত নিজে ট্ৰেক্টৰ চলাই আৰম্ভ কৰে কৃষিকৰ্ম । অঞ্চলটোৰ কৃষক সকলক সকাহ দিয়াৰ উদ্দেশ্যেই এই চেষ্টা মন্ত্ৰী জনৰ ৷

By

Published : May 17, 2020, 6:19 PM IST

ETV BHARAT
কৃষি কৰ্মৰ কাষ চাপিছে মন্ত্ৰী সঞ্জয় কিষাণ

তিনিচুকীয়া, 17 মেঃ তিনিচুকীয়াত খেতিপথাৰত নামিল ৰাজ্যৰ (স্বতন্ত্ৰ) শ্ৰম আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষান ৷ আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তুলিবলৈ মন্ত্ৰী সঞ্জয় কিষাণে হাতত লৈছে এক ক্ষুদ্ৰ প্ৰয়াস ৷

কৃষি কৰ্মৰ কাষ চাপিছে মন্ত্ৰী সঞ্জয় কিষাণ

সমগ্ৰ বিশ্বজুৰি মহামাৰী ক'ৰণা ভাইৰাছৰ আতংকৰ মাজতে খেতি পথাৰত নামিলে ৰাজ্যৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ (স্বতন্ত্ৰ) মন্ত্ৰী সঞ্জয় কিষাণ । সমগ্ৰ বিশ্বৰ লগতে দেশৰ এই কঠিন পৰিস্থিতিত কঠোৰ পৰিশ্ৰমৰ জৰিয়তে দেশবাসীক এখন আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ হকে সংকল্পবদ্ধ হ'বলৈ আহ্বান জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ স্বদেশী সামগ্ৰীৰ প্ৰসাৰৰ জৰিয়তে দেশৰ অৰ্থনৈতিক ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে ২০ লাখ কোটি টকাৰ বিশেষ আৰ্থিক পেকেজ ৷ প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে অসম খনকো আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰৰ শ্ৰম ও চাহ জনজাতি কল্যাণ (স্বতন্ত্ৰ) মন্ত্ৰী সঞ্জয় কিষাণে হাতত লৈছে এক ক্ষুদ্ৰ প্ৰয়াস ৷ অসমৰ নিবনুৱা যুৱক-যুৱতী সকলক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে পথাৰলৈ ওলাই আহে তেঁও ৷ লগতে অঞ্চলটোৰ খেতিয়ক সকলৰ সুবিধাৰ্থে কৃষি বিভাগৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি যাতে উন্নত বীজ যোগান ধৰি সৰহ উৎপাদন পাব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে পুৱাই খেতিপথাৰত নামে মন্ত্ৰীগৰাকী । তিনিচুকীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত লাইপুলি গাওঁ পঞ্চায়তৰ মৰাণকাৰী গাঁৱৰ খেতি পথাৰত প্ৰায় ২০০ বিঘা মাটিত মন্ত্ৰীগৰাকীয়ে নিজে ট্ৰেক্টৰ চলাই আৰম্ভ কৰে কৃষিকৰ্ম ।

লগতে পঢ়ক- মৰাণত ক্ষুদ্ৰ চাহ খেতিয়ক আৰু শ্ৰমিকৰ মাজত প্ৰশাসনৰ মাস্ক বিতৰণ

ABOUT THE AUTHOR

...view details