তিনিচুকীয়া,19জুলাইঃ সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলাতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ‘না আক্ৰান্তৰ সংখ্যা ।জিলাখনত কৰ‘না আক্ৰান্তৰ চিকিৎসা ব্যৱস্থাৰ বুজ ল‘বৰ বাবে দেওবাৰে তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । চিকিৎসালয় খনত উপস্থিত হৈ জিলাখনৰ কৰ‘না ভাইৰাছৰ চিকিৎসা ব্যৱস্থাৰ বুজ লোৱাৰ উপৰিও চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা শদিয়াৰ বিধায়ক বলিন চেতিয়াৰো স্বাস্থ্যৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ।
তিনিচুকীয়াত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - তিনিচুকীয়া জিলাতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ‘না আক্ৰান্তৰ সংখ্যা
দেওবাৰে তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । চিকিৎসালয় খনত উপস্থিত হৈ জিলাখনৰ কৰ‘না ভাইৰাছৰ চিকিৎসা ব্যৱস্থাৰ বুজ লয় ৷
তিনিচুকীয়াত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ইফালে কৰ‘না ভাইৰাছৰ বাবে জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত জিলা উপায়ুক্তৰে আলোচনা কৰাৰ কথা আছিল যদিও উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সঞ্চালক দুয়োগৰাকীৰ শৰীৰত ক‘ভিড-19 পজিটিভ ধৰা পৰাৰ বাবে গুৱাহাটীৰ পৰা ভিডিঅ' কন্ফাৰেঞ্চৰ জৰিয়তে আলোচনা কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়কঃ ওদালগুৰি জিলাৰ হৰিশিঙাত উদ্ধাৰ মাৰণাস্ত্ৰ