অসম

assam

ETV Bharat / state

অগ্নিকাণ্ড নিৰ্বাপিত কৰিবলৈ ২১ দিনৰ সময় লাগিবঃ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী - তৈলখাদ

অগ্নিনিৰ্বাপক কৰ্মচাৰী দুৰ্লভ গগৈক এক কোটি টকা আৰু তিখেশ্বৰ গোঁহাইক 60 লাখ টকাৰ সাহাৰ্য মৃতকৰ পৰিয়ালক অইল ইণ্ডিয়াই কাইলৈ চেক প্ৰদান কৰিব ৷ ইয়াৰ লগতে পৰিয়াল দুটাৰ সংস্থাপনৰ বাবে অইলৰ চাকৰি সংৰক্ষিত কৰা হৈছে৷ আনহাতে বাঘজান তৈলক্ষেত্ৰৰ সমীপত থকা তথা ক্ষতিগ্ৰস্ত সাত হাজাৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰিব অইল ইণ্ডিয়াই৷

Minister Chandra Mohan patowary visit Baghjan
অগ্নিকাণ্ড নিৰ্বাপিত কৰিবলৈ ২১ দিনৰ সময় লাগিবঃমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

By

Published : Jun 10, 2020, 9:14 PM IST

তিনিচুকীয়া,10 জুনঃ অইল ইণ্ডিয়া লিমিটেডৰ তিনিচুকীয়া জিলাত অৱস্থিত বাঘজান ৫নং বি জি আৰ তৈলখাদত সংঘটিত অগ্নিকাণ্ড নিৰ্বাপিত কৰিবলৈ ২১ দিনৰ সময় লাগিব এই মন্তব্য কৰিছে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঘটনাস্থলী পৰিদৰ্শনৰ বাবে উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে,অগ্নিকাণ্ডত অৰ্ধ অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লোৱা অইলৰ অগ্নিনিৰ্বাপক কৰ্মচাৰী দুৰ্লভ গগৈক এক কোটি টকা আৰু তিখেশ্বৰ গোঁহাইক 60 লাখ টকাৰ সাহাৰ্য মৃতকৰ পৰিয়ালক অইল ইণ্ডিয়াই কাইলৈ চেক প্ৰদান কৰিব ৷ ইয়াৰ লগতে পৰিয়াল দুটাৰ সংস্থাপনৰ বাবে অইলৰ চাকৰি সংৰক্ষিত কৰা হৈছে ৷ আনহাতে বাঘজান তৈলক্ষেত্ৰৰ সমীপত থকা তথা ক্ষতিগ্ৰস্ত সাত হাজাৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰিব অইল ইণ্ডিয়াই ৷ ইতিমধ্যে জিলা উপায়ুক্তই ক্ষয়ক্ষতিৰ পৰিমাণ পৰ্যবেক্ষণ কৰিবলৈ এগৰাকী বিশেষ বিষয়া নিয়োগ কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰী পাটোৱাৰীয়ে ৷ আশ্ৰয় শিবিৰত থকা বাঘজানৰ ৭০০০ টা পৰিয়ালক এককালীন সাহাৰ্য হিচাপে প্ৰথমে ত্ৰিশ হাজাৰ টকাকৈ অইলে প্ৰদান কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰিছে উদ্যোগ মন্ত্ৰী গৰাকীয়ে৷

অগ্নিকাণ্ড নিৰ্বাপিত কৰিবলৈ ২১ দিনৰ সময় লাগিবঃমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

আনহাতে আশ্ৰয় শিবিৰত থকা লোকসকলৰ খাদ্য সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ ইপিনে আজি পুৱাৰ ভাগত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে তিনিচুকীয়াত উপস্থিত হৈ জিলা আৱৰ্ত ভৱনত অইলৰ মুখ্য পৰিচালক সঞ্চালক,শীৰ্ষ বিষয়া,তিনিচুকীয়া জিলা উপায়ুক্ত ভাস্কৰ পেগু,আৰক্ষী মহাপৰিদৰ্শক জিৎমল দলে,আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া আৰু জিলাখনৰ শীৰ্ষ বিষয়াৰে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় ৷ পৰিদৰ্শনৰ সয়মত মন্ত্ৰীগৰাকীক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

অগ্নিকাণ্ড নিৰ্বাপিত কৰিবলৈ ২১ দিনৰ সময় লাগিবঃমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

লগতে পঢ়কঃযুদ্ধকালীন তৎপৰতাৰে বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি আছো- পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details