অসম

assam

ETV Bharat / state

Adarsha Vidyalaya in Tinsukia: তিনিচুকীয়াত একেদিনাই কেইবাখনো আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন - Adarsha Vidyalaya in Tinsukia

তিনিচুকীয়াত একেদিনাই কেইবাখনো আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন মন্ত্ৰী সঞ্জয় কিষান আৰু বিমল বড়াৰ ৷ চাহ জনজাতি লোকসকলৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ উত্তৰণৰ বাবে লোৱা এই যুগান্তকাৰী পদক্ষেপৰ বাবে শ্ৰম মন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৷

Inaugurate Adarsha Vidyalaya in Tinsukia
আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন

By

Published : Jun 19, 2023, 8:50 PM IST

তিনিচুকীয়া, 19 জুন: অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী তথা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে সোমবাৰে শুকানপুখুৰী চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি চাহ জনজাতি লোকসকলৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ উত্তৰণৰ বাবে লোৱা এই যুগান্তকাৰী পদক্ষেপৰ বাবে শ্ৰম মন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৷

মন্ত্ৰীগৰাকীয়ে অনাগত দিনত এই আদৰ্শ বিদ্যালয় কেইখনে চাহ বাগিচাসমূহত শৈক্ষিক পৰিৱেশ গঢ় দিয়াত উল্লেখযোগ্য অৰিহণা যোগাব বুলি মন্তব্য কৰে ৷ বিদ্যালয় চৌহদত বৃক্ষৰোপন আৰু ফলক উন্মোচনেৰে আৰম্ভ হোৱা শুভ উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত সোণতৃষ্ণা ঘৰফলীয়া, তিনিচুকীয়া ৰাজহচক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন ) ডিম্পি ভট্টাচাৰ্য, শুকানপুখুৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী য়াজিনা চুলতান, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা শুকানপুখুৰী চাহ বাগিচাৰ পৰিচালক ৰাকেশ কুমাৰ মিশ্ৰকে ধৰি শিক্ষা বিভাগৰ বিষয়াবৰ্গ আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

তিনিচুকীয়াত আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন মন্ত্ৰী সঞ্জয় কিষানৰ

ইয়াৰ পাছতে শ্ৰম মন্ত্ৰীগৰাকীয়ে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাৰ উপস্থিতিত চান্দমাৰি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে ৷ মন্ত্ৰীগৰাকীৰ দ্বাৰা বৃক্ষৰোপন আৰু ফলক উন্মোচনেৰে আৰম্ভ হোৱা এই উদ্বোধনী কাৰ্য্যসূচীত অতিৰিক্ত উপায়ুক্ত সোণতৃষ্ণা ঘৰফলীয়াৰ লগতে সহকাৰী আয়ুক্ত ৰুনজুন বৰা, চান্দমাৰি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ত্ৰিদীপ গগৈ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা চান্দমাৰি চাহ বাগিচাৰ পৰিচালক প্ৰৱীন য়েইনকে ধৰি শিক্ষা বিভাগৰ অন্যান্য বিষয়াবৰ্গ, স্থানীয় বিশিষ্ট ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে ৷

আনহাতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াই সোমবাৰে অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষানৰ উপস্থিতিত হাতীমাৰা চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে ৷ মন্ত্ৰী বিমল বড়াই এই আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধনৰ লগত সংগতি ৰাখি বিদ্যালয় চৌহদত বৃক্ষৰোপন কৰাৰ লগতে বিদ্যালয়খন পৰিদৰ্শন কৰি আন্তঃগাঠনি তথা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ সা-সুবিধাৰ বুজ লয় ৷ এই উপলক্ষ্যে আয়োজিত সভাত জিলা উপায়ুক্ত স্বপ্নীল পাল, নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়া, হাতীমাৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পিযুষ ভূষণ চেতিয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিভূতি নাৰায়ণ মিশ্ৰকে ধৰি শিক্ষা বিভাগৰ বিষয়াবৰ্গ, স্থানীয় ৰাইজ তথা বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

তিনিচুকীয়াত আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন মন্ত্ৰী বিমল বড়াৰ

হাতীমাৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্বোধন কৰি মন্ত্ৰী গৰাকীয়ে চাহ জনজাতিৰ লোকসকলৰ বাবে আজিৰ দিনতো এক ঐতিহাসিক দিন বুলি উল্লেখ কৰে ৷ অসম চৰকাৰৰ প্ৰচেষ্টাত চাহ বাগিচাৰ কণকণ শিশুসকলৰ শৈক্ষিক উত্তৰণৰ সপোন আজি বাস্তৱায়িত হবলৈ সক্ষম হৈছে বুলি উদ্যোগ মন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়ায় ৷ অসমৰ অৰ্থ-সামাজিক ক্ষেত্ৰত চাহ বাগিচাৰ অৱদান অতুলনীয় ৷ সেয়েহে চাহ বাগিচাৰ লোকসকলৰ উন্নয়নৰ বাবে বৰ্তমানৰ চৰকাৰখনে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷ বাগিচাখনৰ ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদান কৰি একো একোজন মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা চলাবলৈ বিদ্যালয় কৰ্তৃপক্ষক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ৷ আনহাতে বিদ্যালয়খনৰ সৰ্বাংগীন বিকাশৰ বাবে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল -সংগঠনে সন্মিলিত ভাবে প্ৰচেষ্টা আগবঢ়াব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

ইয়াৰ পূৰ্বে কেবিনেট মন্ত্ৰী বিমল বড়াই মাৰ্ঘেৰিটা চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে ৷ আদৰ্শ বিদ্যালয়খনৰ শুভ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে শিক্ষা এখন সমাজৰ দাপোণস্বৰূপ বুলি উল্লেখ কৰি বৰ্তমানৰ চৰকাৰে সকলো শ্ৰেণীৰ শিক্ষাৰ গুণগত প্ৰসাৰৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰে ৷ আনহাতে, নৱনিৰ্মিত চাহ বাগিচা আদৰ্শ বিদ্যালয়সমূহে ৰাজ্যখনৰ চাহ বাগিচা এলেকাত শৈক্ষিক উৎকৰ্ষ সাধনেৰে এক নতুন দিগন্তৰ সূচনা কৰিব আৰু মানৱ সম্পদ গঢ়াত অনবদ্য ভূমিকা পালন কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে ৷ এই উদ্বোধনী অনুষ্ঠানত জিলা উপায়ুক্ত স্বপ্নীল পালৰ লগতে মাৰ্ঘেৰিটাৰ মহকুমাধিপতি প্ৰীতি কুমাৰী, বিদ্যালয় সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকা, অসম গৌৰৱ বঁটা প্ৰাপক ববী হাজৰিকাৰ লগতে বিভিন্ন ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক:Three Adarsha Vidyalaya in Dibrugarh:ডিব্ৰুগড়ত তিনিখনকৈ আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন

ABOUT THE AUTHOR

...view details