ডিগবৈ,22 জুন:কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে সোমবাৰৰ পৰা দেশত আৰম্ভ হৈছে মেগা ভেকচিনেচন ড্ৰাইভ ৷ সমান্তৰালকৈ সোমবাৰৰ দিনটোৰ পৰা অসমতো আৰম্ভ হৈছে ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৷ ইয়াৰ মাজতে মঙলবাৰে 123 নং বিধানসভা সমষ্টিৰ অধীনৰ ডিগবৈত উপস্থিত হয় তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষিমন্ত্ৰী অতুল বৰা ৷ ডিগবৈত উপস্থিত হৈ ক'ভিড টীকাকৰণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷
পৰিদৰ্শনৰ অন্তত তিনিচুকীয়া জিলাখনত বৰ্তমান ক'ভিড পৰিস্থিতি সন্তোষজনক বুলি উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই ৷ লগতে জিলাখনত সদ্যহতে সম্পূৰ্ণ লকডাউন দিয়াৰ পৰিকল্পনা নাই বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ টীকাকৰণ সন্দৰ্ভত মন্তব্য কৰি বৰাই লগতে উল্লেখ কৰে যে, তিনিচুকীয়াত সোমবাৰৰ দিনটোত নিৰ্ধাৰিত লক্ষ্যতকৈ অধিক ভেকচিন প্ৰদান কৰা হৈছে ৷ এইয়া নিশ্চিতভাৱে এক শুভ লক্ষণ ৷
উল্লেখ্য যে,ক'ভিড টীকাকৰণ কেন্দ্ৰসমূহ পৰিদৰ্শনৰ সময়ত কৃষি মন্ত্ৰী অতুল বৰাক সংগ দিয়ে সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলি, তিনিচুকীয়াৰ জিলা উপায়ুক্তকে আদি কৰি ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনে ৷ অচিৰেই ৰাজ্যৰ ক'ভিড পৰিস্থিতি অধিক উন্নত হ'ব বুলি উল্লেখ কৰি ৰাজ্যত ইতিমধ্যেই ক'ভিড সংক্ৰমণৰ হাৰ কমিছে বুলি উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই ৷