অসম

assam

ETV Bharat / state

উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন বন্ধ : সৰৱ সাংবাদিক সন্থা - Mining operations of North Eastern coal India suspended temporarily

সাময়িকভাৱে বন্ধ হ'ল উত্তৰ-পূব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটাৰ উৎপাদন ৷ এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ ৷ চৰকাৰক অতি সোনকালে ব্যৱস্থা গ্ৰহণৰ দাবী সন্থাৰ সদস্যৰ ৷

সৰৱ সাংবাদিক সন্থা
উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন বন্ধ

By

Published : Jun 7, 2020, 11:12 AM IST

মাৰ্ঘেৰিটা, 7 জুন : মাৰ্ঘেৰিটা সাংবাদিক সন্থা তথা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে দেওবাৰে এক প্ৰেছ বাৰ্তা প্ৰেৰণ কৰিছে ৷ ইয়াৰ জৰিয়তে উত্তৰ-পূব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটাৰ উৎপাদন সাময়িকভাৱে বন্ধ কৰা সম্পৰ্কত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে সাধাৰণ সম্পাদক গৰাকীয়ে ৷ বৃটিছৰ আমোলৰ এই প্ৰতিষ্ঠানটো ইতিহাস হৈ পৰিলে কুখ্যাতি ৰৈ যাব বুলি মত প্ৰকাশ কৰি এই সম্পৰ্কত অসম চৰকাৰক দৃঢ় স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাই নেওগে ৷ লগতে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো বন্ধ নোহোৱাটো এক সপ্তাহৰ ভিতৰত নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাই নেওগে ৷

উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন বন্ধ

অন্যথা মাৰ্ঘেৰিটাৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ প্ৰতিষ্ঠানটোৰ স্বাৰ্থত ৰাইজ, দল-সংগঠনকলৈ তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি নেওগৰ লগতে সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ, মুখপাত্ৰ মানসপ্ৰতীম গগৈয়ে স্পষ্ট কৰি দিছে । মুখপাত্ৰ গগৈয়ে ৰাজহুৱা উদ্যোগটোৰ লগতে ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত সকলো দল-সংগঠন ব্যক্তি বিশেষক ৰাজনীতিৰ উৰ্দ্ধত থাকি একেখন মঞ্চৰ তলত সমবেত হৈ অসমীয়া হৈ চিন্তা কৰি সুস্থ সিদ্ধান্তত উপনীত হ'বলৈ আহ্বান জনায় ।

উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন বন্ধ

ABOUT THE AUTHOR

...view details